গুৱাহাটী, ৭ জানুৱাৰী: নিশা স্তব্ধ হৈ পৰিল গুৱাহাটীৰ খানাপাৰা-জালুকবাৰী সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে শতাধিক চিটি বাছ চালক আৰু হেণ্ডিমেনে (City bus drivers blocked National Highway)। পৰিবহণ বিভাগৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ তুলি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে প্ৰতিবাদত নামিল চিটি বাছ চালক আৰু পৰিচালকসকল । প্ৰতিবাদকাৰী সকলৰ অভিযোগ, বিভিন্ন অজুহাত দেখুৱাই পৰিবহণ বিভাগে জব্দ কৰিছে শতাধিক চিটি বাছ (Guwahati City buses seized by transport department)।
প্ৰতিবাদী চালকসকলে প্ৰকাশ কৰা অনুসৰি, শুকুৰাবাৰে সন্ধিয়া কোনো কাৰণ নোহোৱাকৈ এটা ঘন্টাৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা শতাধিক বাছ জব্দ কৰে পৰিবহণ বিভাগে (Transport department seized city Bus)। লগতে উল্লেখ কৰিলে, জব্দকৃত বাছসমূহৰ উপযুক্ত নথি পত্ৰ মজুদ থকাৰ লগতে সম্পূৰ্ণ নিয়ম মানি বাছ চলোৱাৰ পিছতো বাছসমূহ জব্দ কৰিছে পৰিবহণ বিভাগে । কিন্তু কি কাৰণত বাছসমূহ জব্দ কৰে সেই কথা সদৰী কৰা নাই পৰিবহণ বিভাগে ৷ ইয়াৰ পিছতে পৰিবহণ বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠে চিটি বাছৰ চালক আৰু হেণ্ডিমেনসকল ৷
লগতে পঢ়ক:Massive protest in Guwahati: একেদিনাই তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপিল গুৱাহাটী মহানগৰী