গুৱাহাটী,২ জানুৱাৰী :অসমৰ প্ৰাকৃতিক সম্পদবোৰ দিল্লীৰ মছনদত বহি থকা সকলৰ বাবে সোণৰ কণী পৰা হাহঁতকৈ কোনো গুণে কম নহয় । সেয়া লাগিলে কয়লাই হওক, তেলেই হওক বা গেছেই হওক । এইবাৰ দিল্লীৰ চকু পৰিছে অসমৰ প্ৰায় চাৰি হাজাৰ বৰ্গ কিলোমিটাৰতকৈও অধিক পৰিসৰৰ তৈলক্ষেত্ৰত (Oil fields of Assam) ।
কেন্দ্ৰীয় চৰকাৰে অলপতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মুঠ আঠটা তেল আৰু প্ৰাকৃতিক গেছৰ ব্লক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ আন্তৰ্জাতিক নিবিদা আহ্বান কৰিছে । এই আঠটা ব্লকৰ ভিতৰত পাচঁটা আছে স্থল ভাগত আৰু বাকী তিনিটা আছে সমুদ্ৰ গৰ্ভত । স্মৰ্তব্য যে অসমৰ ভূগৰ্ভত যি বিশাল পৰিমাণৰ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে তাৰ ভিতৰত এতিয়ালৈকে মাত্ৰ এক তৃতীয়াংশহে খননৰ জৰিয়তে উলিওৱা হৈছে । সেয়েহে স্বাভাৱিকতে অসমৰ প্ৰতি দিল্লীৰ আছে শেনচকু ।