অসম

assam

By

Published : Oct 17, 2020, 12:51 PM IST

ETV Bharat / state

ৰাজ্য চৰকাৰলৈ CAGৰ জৰুৰী পত্ৰ

CAGৰ পত্ৰই উদাঙালে ৰাজ্য চৰকাৰৰ বিত্তীয় শৃংখলাৰ পঁয়ালগা ছবি। বি জে পিয়ে শাসনভাৰ লোৱাৰ পিছৰে পৰা চৰকাৰে দিয়া নাই প্ৰায় ১৭ হাজাৰ কোটি টকাৰ হিচাপ। এই হিচাপ দাখিলৰ নিৰ্দেশ দি ৰাজ্য চৰকাৰলৈ CAGৰ গুৰুত্বপূৰ্ণ পত্ৰ। ৰাজকোষৰ পৰা উলিয়াই নিয়া ৯৬৫ কোটি ৮২ লাখ ৫৯৭ টকাৰো দিয়া নাই হিচাপ।

CAGৰ পত্ৰই উদাঙালে ৰাজ্য চৰকাৰৰ বিত্তীয় শৃংখলাৰ পঁয়ালগা ছবি
CAGৰ পত্ৰই উদাঙালে ৰাজ্য চৰকাৰৰ বিত্তীয় শৃংখলাৰ পঁয়ালগা ছবি

গুৱাহাটী, ১৬ অক্টোবৰ: ভাৰতীয় জনতা পাৰ্টী নেতৃত্বধীন মিত্ৰজোঁটৰ চৰকাৰখনে শাসনৰ গাদী দখল কৰাৰ প্ৰথম তিনিটা বিত্তীয় বৰ্ষত ২,৫৫১খন ব্যৱহাৰিক প্ৰমাণপত্ৰৰ বিপৰীতে সৰ্বমুঠ ১৭,২৭৭কোটি ৫৩ লাখ ১৬ হাজাৰ ৫৩৪ টকাৰ হিচাপ বিচাৰি ৰাজ্য চৰকাৰলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে মহাগাণনিকৰ কাৰ্যালয়ে। CAGৰ পত্ৰখনত উল্লেখ কৰা হৈছে যে, ২০১৬ আৰু ২০১৭ বিত্তীয় বৰ্ষত ৩৩খন ব্যৱহাৰিক প্ৰমাণপত্ৰৰ বিপৰীতে ৪টা বিভাগে এই পৰ্যন্ত ২০১৩ কোটি ৯৩ লাখ ৩৬ হাজাৰ ৮৩৭টকাৰ হিচাপ দাখিল কৰা নাই।

CAGৰ পত্ৰই উদাঙালে ৰাজ্য চৰকাৰৰ বিত্তীয় শৃংখলাৰ পঁয়ালগা ছবি

একেদৰে, ২০১৭ আৰু ২০১৮ বৰ্ষত ২৯৯খন ব্যৱহাৰিক প্ৰমাণপত্ৰৰ বিপৰীতে ১৮টা বিভাগে ২,৬১২ কোটি ১৫ লাখ ৭০ ৮৩৭ টকাৰ হিচাপ দিবলৈ বাকী আছে। ২০১৮-১৯ বিত্তীয় বৰ্ষত ৫০টা বিভাগে ২,২১৯খন ব্যৱহাৰিক প্ৰমাণপত্ৰৰ বিপৰীতে ১২,৬৫১ কোটি ৪৪ লাখ ৮ হাজাৰ ৮৬০ কোটি টকাৰ হিচাপ এতিয়াও চৰকাৰে দিয়া নাই। এ চি বিলৰ জৰিয়তে ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ ৪২টা বিভাগে ৰাজকোষৰ পৰা ৯৬৫ কোটি ৮২ লাখ ৫৯৭ টকা উলিয়াই নিছে।

এই ধনৰাশিৰো হিচাপ দিয়া নাই বুলি CAGৰ পত্ৰখনত উল্লেখ কৰা হৈছে। উল্লেখ্য যে, বিধানসভা অধিৱেশনত ২০১৬-১৭ বৰ্ষত ১২ খন আৰু ২০১৭-১৮ বৰ্ষত ৮ খন ব্যৱহাৰিক পত্ৰ চৰকাৰে দাখিল কৰা নাই বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগ খণ্ড কৰিবলৈ চালে-বেৰে কোবোৱা যুক্তিও দিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ CAGৰ পত্ৰই উদাঙাইছে চৰকাৰৰ বিত্তীয় শৃংখলাৰ প্ৰকৃত ছবিখন।

লগতে পঢ়ক:এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তৰ জবানবন্দী গ্ৰহণ

ABOUT THE AUTHOR

...view details