গুৱাহাটী, ২3 নৱেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে বিটিআৰত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা আৰম্ভ হৈছে। বিটিআৰত বলিছে নিৰ্বাচনী প্ৰচাৰৰ জোৰদাৰ বতাহ। সমগ্ৰ বিটিআৰত এতিয়া কেৱল পৰিবৰ্তনৰ জোৱাৰ। হাগ্ৰামা বাহিনীৰ ১৫ বছৰীয়া ৰাজত্ব অৱসান ঘটাবলৈ বিজেপি, ইউপিপিএলকে ধৰি বহু ৰাজনৈতিক শক্তি উঠি-পৰি লাগিছে। সমান্তৰালভাৱে নৱ শৰণীয়াও লৈছে গুৰুত্বপূৰ্ণ ভূমিকা।
আনহাতে, বিজেপি-বিপিএফ আৰু ইউপিপিএলৰ কাজিয়াখন এতিয়া কুৰুক্ষেত্ৰত পৰিণত হৈছে। ৰাজ্যত বিপিএফক মিত্ৰ হিচাপে লৈ চৰকাৰ গঠন কৰা বিজেপি চৰকাৰ হঠাৎ হাগ্ৰামাৰ প্ৰতি মোহভংগ হ’ল। বিভিন্ন নিৰ্বাচনী সভাত হাগ্ৰামাৰ দূৰ্গ কঁপাই উদাত্ত কণ্ঠেৰে হিমন্ত বিশ্বই হাগ্ৰামাৰ ১৫ বছৰীয়া শাসন কালত সৰ্ববৃহত দুৰ্নীতি কৰা বুলি নিৰ্বাচনী সভাৰ ভাষণত উল্লেখ কৰিছে। কেতিয়াবা আকৌ বিধায়িকা আঙুৰলতাই থলুৱা কথাৰ সুৰেৰে নিৰ্বাচনী সভাত হাগ্ৰামাবিৰোধী মন্তব্য কৰি ভোটাৰৰ বিজেপিৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
লগতে পঢ়ক :কৰিমগঞ্জত ‘সাহিত্য মনিষী উপবন’ নামেৰে উদ্ভিদ উদ্যান মুকলি
বিজেপি-বিপিএফৰ মিত্ৰতা তথা হিমন্তবিশ্বই হাগ্ৰামাক ১৫ বছৰীয়া শাসন কালত দুৰ্নীতি কৰা বুলি কোৱা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে। শুকুৰবাৰে ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকনে কয় যে, ১৫ বছৰীয়া হাগ্ৰামাৰ শাসন কালত অসম চৰকাৰৰ বিত্ত বিভাগৰ চকীত বহি আছিল স্বয়ং হিমন্ত বিশ্ব শৰ্মাই । গতিকে বিগত ১৫ টা বছৰে হিমন্ত বিশ্বই হাগ্ৰামাৰ দুৰ্নীতি দেখা নাপালে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি হাগ্ৰামা যদি দুৰ্নীতিৰ নায়ক তেন্তে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ মহানায়ক বুলি কটাক্ষ কৰে ।
বিটিচি নিৰ্বাচন সন্দৰ্ভতো নিজৰ বক্তব্য দাঙি ধৰি বিজেপি চৰকাৰে আঞ্চলিক শক্তিক ধ্বংশ কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে বুলি অদীপ কুমাৰ ফুকনে কেতবোৰ মন্তব্য কৰে। একেটা সাক্ষাৎকাৰতে ফুকনে সমাগত বিটিচি নিৰ্বাচনত অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দিতা নকৰে বুলি স্পষ্ট কৰি দিয়ে।