গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : অভিনেতা বিবেক অবেৰয়ে পূজা-অৰ্চনা কৰিছে নীলাচল পাহাৰৰ বগলা মন্দিৰত (actor vivek oberoi visits maa kamakhya temple) । অভিনেতাজনক সংগ দিছে মন্ত্ৰী অশোক সিংহলে । কোকৰাঝাৰৰ জ্ঞান মহোৎসৱত অংশ গ্ৰহণৰ উদ্দেশ্যেৰে আহিছিল বিবেক অবেৰয় ।
বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশ গ্ৰহণৰ উদ্দেশ্যে অসমলৈ অহা মুম্বাইৰ জনপ্ৰিয় অভিনেতা বিবেক অবেৰয়ে যোৱা নিশা গুৱাহাটীৰ নীলাচল পাহাৰত উপস্থিত হয় । মা কামাখ্যাৰ আশীষ বিচাৰি অহা অভিনেতা গৰাকীয়ে নিশা কামাখ্যা ধামৰ বগলা মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায় (maa kamakhya temple in guwahati assam)। বগলা মন্দিৰত অভিনেতা বিবেক অবেৰয়ক সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে ৷
উল্লেখ্য যে, কোকৰাঝাৰৰ বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশ গ্ৰহণৰ বাবে দেওবাৰে অসমলৈ আহিছিল অভিনেতাগৰাকী । অসমৰ প্ৰাকৃতিক সৌন্দৰ্যত অভিভূত বলীউডৰ অভিনেতাগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজকো উচ্চ প্ৰশংসা কৰে । সোমবাৰে নিশা বগলা মন্দিৰত পূজা-অৰ্চনা কৰাৰ পাচত সংবাদ মাধ্যমৰ আগত অভিনেতা বিবেক অবেৰয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে । তেওঁ কয়, ‘‘মাৰ পৱিত্ৰ ভূমিলৈ আহি ভাল লাগিল । মাৰ আশিস গ্ৰহণ কৰিলোঁ’’ ৷