অসম

assam

By

Published : Aug 20, 2019, 5:14 PM IST

Updated : Aug 20, 2019, 5:44 PM IST

ETV Bharat / state

"সদস্য ভৰ্তি অভিযানত অসমে উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাইছে"-অৰুণ সিং

"সদস্য ভৰ্তি অভিযানত অসমে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে ৷ ১৫ লাখৰ টাৰ্গেট লৈ ২০ লাখত ভৰি দিলে ৷ যাৰ বাবে অসম প্ৰদেশ বিজেপিক অভিনন্দন জনাইছে কেন্দ্ৰই ৷"-মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ ৷

বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ সংবাদমেল

বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ সংবাদমেল

গুৱাহাটী,20আগষ্টঃ মহানগৰীৰ গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ সংবাদমেল । কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদ মেলত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইঃ

  • "সদস্য ভৰ্তিৰ অভিযানত অসমে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে"
  • "১৫ লাখৰ টাৰ্গেট লৈ ২০ লাখত ভৰি দিলে অসম প্ৰদেশ বিজেপিয়ে"
  • "সদস্য ভৰ্তিৰ অভিযানে অসমত আগন্তুক নিৰ্বাচন সমূহত বিজেপিৰ আসন বঢ়াব"
  • "অসম প্ৰদেশ বিজেপিৰ তিনি মাহৰ ভিতৰত সাংগঠনিক নিৰ্বাচন হ'ব"
  • "বিজেপিত লোকতন্ত্ৰ আছে"
  • "মণ্ডল সভাপতি ৰাষ্ট্ৰীয় সভাপতি হ'ব পৰা একমাত্ৰ দলেই হ'ল বিজেপি"
  • "জন্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ হোৱাৰ পিছত কোনো অঘটন হোৱা নাই"
  • "কিন্তু কিছুমানে ভুৱা প্ৰচাৰ চলাইছে"
  • "এতিয়া জন্মু-কাশ্মীৰৰ বিকাশ হ'ব"
  • "সদস্য ভৰ্তিৰ অভিযানৰ লগতে বিজেপিয়ে দেশজুৰি বৃক্ষৰোপনৰো অভিযান চলাইছে"
Last Updated : Aug 20, 2019, 5:44 PM IST

ABOUT THE AUTHOR

...view details