অসম

assam

ETV Bharat / state

বিজেপি চৰকাৰে অসমক কেৱল প্ৰতাৰণা কৰাৰ অভিযোগ কংগ্ৰেছৰ

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ ৷ অসমৰ ৰাইজক বিজেপিয়ে কেৱল প্ৰতাৰণাহে কৰিছে বুলি দাবী উত্থাপন দলটোৰ ৷ এক সংবাদমেল যোগে কেইবাটাও বিষয়ক লৈ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল একাংশ কংগ্ৰেছ নেতা ৷

অসমক বিজেপি চৰকাৰে কেৱল প্ৰতাৰণা-প্ৰৱঞ্চনা কৰিছে: কংগ্ৰেছ
অসমক বিজেপি চৰকাৰে কেৱল প্ৰতাৰণা-প্ৰৱঞ্চনা কৰিছে: কংগ্ৰেছ

By

Published : Aug 10, 2021, 9:22 PM IST

গুৱাহাটী,১০ আগষ্ট : ‘‘বিজেপি চৰকাৰে অসমৰ ৰাইজক কেৱল মাত্ৰ প্ৰতাৰণা-প্ৰৱঞ্চনা কৰি আহিছে । তাৰ শেহতীয়া উদাহৰণ হিচাপে অসমৰ ছয়জনগোষ্ঠীক কৰা প্ৰতাৰণা ।’’ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

ববিতা শৰ্মাই কয়, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি অলপো গুৰুত্ব প্ৰদান নকৰা কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ১২ টা জনগোষ্ঠীক ৯ আগষ্টত অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ উদ্দেশ্যে লোকসভাত বিধেয়ক গৃহীত কৰিলে । এয়া চূড়ান্ত প্ৰতাৰণা ।

তেওঁ লগতে কয় যে, ‘‘অসমৰ স্বাভিমান গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো নৰেন্দ্ৰ মোদীৰ আশীষধন্য পুঁজিপতি আদানীৰ হাতত ৫০ বছৰৰ বাবে গতাই দিয়া হ'ল । বিমান বন্দৰটোৰ নতুন নামকৰণ ‘‘আদানী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ’’ কৰি ফলক আঁৰি দিয়া হৈছে । আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু গৰিহণা দিছো ।’’

অসমক বিজেপি চৰকাৰে কেৱল প্ৰতাৰণা-প্ৰৱঞ্চনা কৰিছে: কংগ্ৰেছ

বিজেপি চৰকাৰে আদানী গ্ৰুপৰ লগত কৰা চুক্তিখনত লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ নামটো উঠাই দিব নালাগে বুলি উল্লেখ আছিল নে নাই সেই বিষয়টো ৰাজহুৱা কৰিব লাগে বুলিও দাবী তোলে কংগ্ৰেছে । এহাতে কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰিছে আৰু আনহাতে একে সময়তে জি এছ টিৰ জৰিয়তে ৰাজ্যখনৰ পৰা সংগ্ৰহ কৰা প্ৰাপ্য অংশৰ পৰাও বঞ্চিত কৰা পৰিলক্ষিত হৈছে । অসমে জি এছ টিৰ অংশ হিচাপে পাব লগীয়া মুঠ ১,৬২৩কোটি টকা এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া নাই বুলিও অভিযোগ তোলে ববিতা শৰ্মাই ।

লগতে পঢ়কঃ 10 কোটি টকীয়া বাকযুদ্ধ : অখিল গগৈ বনাম আমিনুল ইছলাম

আনহাতে, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত সকলোৰে বাবে ঘৰ আঁচনিৰ ক্ষেত্ৰতো বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত অসমত ৮,৮১,৮৩৩ টা ঘৰ নিৰ্মাণৰ লক্ষ্যৰ বিপৰীতে ৫০ শতাংশ কামো সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই বিজেপি চৰকাৰ । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সৰ্ব দিশত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি দাবী কৰে ববিতা শৰ্মাই ৷

চৰকাৰখনে সংবাদ মাধ্যমক লক্ষ্য কৰি লোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘ইয়াৰ শেহতীয়া উদাহৰণ অসমৰ এটা web portal ৰ ওপৰত চলোৱা ভিত্তিহীন গোচৰ । এই ক্ষেত্ৰত চৰকাৰে জনসংযোগ বিভাগ তথা আৰক্ষী প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি নিৰপেক্ষ বাতৰি পৰিৱেশন কৰা সকলৰ প্ৰতি ভাবুকি আনিছে । চৰকাৰৰ এই কাৰ্যক আমি প্ৰদেশ কংগ্ৰেছে ধিক্কাৰ জনাইছো । সংবিধান প্ৰদত্ত বাক স্বাধীনতা খৰ্ব কৰিছে চৰকাৰে’’ ৷

সীমা বিবাদৰ প্ৰসংগত তেওঁ কয় যে, ‘‘অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা সীমা বিবাদ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সমূহৰ ওপৰত আমি সন্দেহ প্ৰকাশ কৰিছো । অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে সীমা বিবাদ সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল । সেয়া ভাল কথা যদিও আলোচনাত লোৱা সিদ্ধান্ত সম্পৰ্কে অসম বিধানসভাৰ যোগেদি অসমৰ ৰাইজক জনোৱা উচিত আছিল’’ ৷

বিধানসভাৰ মজিয়াত এই বিষয়ৰ ওপৰত আলোচনা বিচাৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অনুৰোধ জনাইছিল । তাৰ পিছতো এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ পৰা সঠিক উত্তৰ পোৱা নগ’ল বুলি উল্লেখ কৰে ববিতা শৰ্মাই ৷ মঙলবাৰৰ এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: 7 আগষ্টক ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details