অসম

assam

ETV Bharat / state

CBI-IT তথা EDক বিজেপি চৰকাৰে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে : সাংসদ ৰিপুন বৰা - শুভেন্দু অধিকাৰী

সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা । চিবিআই, আয়কৰ আৰু ইডিৰ স্বতন্ত্ৰতা নোহোৱা কৰি বিজেপি চৰকাৰে ইয়াক ৰাজনৈতিক উদ্দেশে ব্যৱহাৰ কৰিছে । বিভিন্ন ৰ‍াজ্যৰ নিৰ্বাচনৰ সময়ত বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে এই সংস্থাসমূহক ব্যৱহাৰ কৰা হৈছে । বিএছ এফক অধিক কৰ্তৃত্ব প্ৰদানৰ তীব্ৰ বিৰোধিতা ।

চিবিআই, আয়কৰ আৰু ইডিক বিজেপি চৰকাৰে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে: সাংসদ ৰিপুন বৰা
চিবিআই, আয়কৰ আৰু ইডিক বিজেপি চৰকাৰে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে: সাংসদ ৰিপুন বৰা

By

Published : Oct 16, 2021, 4:58 PM IST

গুৱাহাটী, ১৬ অক্টোবৰ : বিজেপি চৰকাৰে চিবিআই, আয়কৰ বিভাগ আৰু ইডি আদি সংস্থাসমূহক ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ ।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংসদগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে । তেওঁ কয়, কেন্দ্ৰত বিজেপিৰ ৭ বছৰীয়া কাৰ্যকালত আজিলৈকে বিজেপিৰ এজন নেতাৰ বিৰুদ্ধেও চিবিআই, আয়কৰ নাইবা ইডিৰ গোচৰ হোৱা নাই ।

কিন্তু ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে কংগ্ৰেছ দলকে ধৰি বিভিন্ন বিৰোধী দলৰ বহু কেইগৰাকী নেতাক চিবিআই, আয়কৰ আৰু ইডি গোচৰত তেওঁলোকৰ ঘৰত অভিযান চলোৱা, সম্পত্তি বাজেয়াপ্ত কৰাকে ধৰি বিভিন্ন ধৰণৰ গোচৰ ৰুজু কৰি কেৱল হাৰাশাস্তি কৰাই নহয় বিৰোধী কণ্ঠ ৰোধ কৰিবলৈ বিভিন্ন ধৰণে অপচেষ্টা চলাই আহিছে ।

চিবিআই, আয়কৰ আৰু ইডিক বিজেপি চৰকাৰে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে: সাংসদ ৰিপুন বৰা

সংবাদমেল যোগে সাংসদ ৰিপুন বৰাই বিজেপি চৰকাৰৰ চক্ৰান্তৰ বিষয়ে উল্লেখ কৰি কয়, প্ৰাক্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰাম আৰু তেওঁৰ পুত্ৰ কাৰ্তিক চিদাম্বৰামক ২০১৯ চনৰ শেষৰফালে কেইমাহ ধৰি চি হি আই গোচৰত জেলত আবদ্ধ কৰি ৰাখিছিল ।

সেইদৰে কর্ণাটকৰ প্ৰাক্তনমন্ত্ৰী, বর্তমান কর্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শ্ৰীকুমাৰক দীর্ঘদিন ধৰি আয়কৰ গোচৰ সংক্ৰান্তত জেলত আৱদ্ধ কৰি ৰাখিছিল । নিৰ্বাচনৰ প্ৰাকমুহূর্তত বিভিন্ন বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে বিজেপি চৰকাৰে চক্ৰান্তমূলকভাৱে জাপি দিয়া গোচৰ সন্দৰ্ভত তেওঁ তথ্য সহকাৰে কেতবোৰ দিশ উল্লেখ কৰে ।

তেওঁ উল্লেখ কৰা তথ্য অনুসৰি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূর্তত ২১ ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু সাংসদ অভিষেক বেনাৰ্জী, তেওঁৰ পত্নী ৰুজিৰা নাৰুলা আৰু তেওঁৰ খুলখালীক চি বি আয়ে একাধিকবাৰ কয়লা চুৰিৰ এটা পুৰণি গোচৰৰ অভিযোগত বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল ।

১৫ মার্চত তৃণমূলৰ এগৰাকী নেতা পার্থ চেটার্জীক চিবিআয়ে ২০১৪ চনৰ এক পুৰণি গোচৰত বাৰম্বাৰ জেৰা কৰি নিৰ্বাচনী প্ৰচাৰত বাধা দিছিল । ১৬ মার্চত পশ্চিমবংগৰ যুৱ তৃণমূল কংগ্ৰেছৰ নেতা বিনয় মিশ্ৰৰ ভাতৃ বিকাশ মিশ্ৰক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । ১৯ মার্চত তৃণমূল কংগ্ৰেছৰ নেতা, প্ৰাক্তন মন্ত্ৰী আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী মদন মিশ্ৰ আৰু বিবেক গুপ্তাক ইডিয়ে বিভিন্ন ধৰণে জেৰা কৰি নিৰ্বাচনী প্ৰচাৰত বাধা দিয়ে ।

৩ এপ্ৰিলত তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ কুনাল ঘোষে আৰু সাংসদ শতাব্দী ৰয়ৰ শাৰদা কেলেংকাৰীৰ নামত দুয়োৰে সা-সম্পত্তি ইডিয়ে বাজেয়াপ্ত কৰি নিৰ্বাচনী প্ৰচাৰত বাধা দিয়ে । আনহাতে একে গোচৰতেই অভিযুক্ত সেইসময়ৰ বিজেপি নেতা মুকুল ৰয় আৰু শুভেন্দু অধিকাৰীক কিন্তু ইডিয়ে কোনোধৰণৰ হাৰাশাস্তি কৰা নাছিল ।

কেৰালা বিধানসভা নিৰ্বাচনৰ সময়ত কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে পিনাৰাই বিজয়নৰ ভাৱমূৰ্তি নষ্ট কৰি নিৰ্বাচনত বাধা দিয়াৰ উদ্দেশ্য ইডিয়ে কোনো তথ্য নোহোৱাকৈ ৩ মার্চত KARELA INFRASTRUCTURE INVESTMET FUND BOARD (KIIFB) বোৰ্ডে মুখ্য কাৰ্যবাহী বিষয়া কে এম আব্ৰাহম আৰু উপ সঞ্চালক বিক্ৰম জিৎ সিঙক বিভিন্নধৰণে জেৰা কৰি মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নক দোষী সাব্যস্ত কৰিব বিছাৰিছিল। কিন্তু তেওঁৰ বিৰুদ্ধে দুর্নীতিৰ কোনো তথ্য উদ্ধাৰ কৰিব নোৱাৰিলে ৷

সংবাদমেলত সাংসদ বৰাই উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ, ৰাজস্থান, মহাৰাষ্ট্ৰ, ছত্তিছগড়, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে কিদৰে চিবিআই, আয়কৰ বিভাগ আৰু ইডিক ব্যৱহাৰ কৰিছিল তাৰ তথ্য দাঙি ধৰে ।

ইফালে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অসমৰ সীমামূৰীয়া এলেকাত বিএছএফৰ কৰ্তৃত্ব পূৰ্বৰ ১৫ কিলোমিটাৰ এলেকাৰ পৰিৰ্ৱতে ৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ সাংসদ বৰাই তীব্ৰ বিৰোধীতা কৰে ।

লগতে পঢ়কঃ বাক্সাত শতাধিক মহিলাৰ বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান

ABOUT THE AUTHOR

...view details