অসম

assam

ETV Bharat / state

বিজেপিৰ উদ্যোগত ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান

এই সপ্তাহজোৰা অভিযানত বিজেপিৰ কাৰ্যকর্তাসকলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে গ্ৰহণ কৰা অভিলেখসংখ্যক কৰ্মৰাজিৰ এক তথ্য সম্বলিত পত্র তথা খাতিয়ান দাঙি ধৰিব ।

By

Published : Feb 23, 2021, 10:36 PM IST

BJP CAMPAIGN
বিজেপিৰ উদ্যোগত ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : বিজেপিৰ অসম প্ৰদেশৰ উদ্যোগত মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান কার্যসূচী আৰম্ভ হৈছে । দলটোৰ ৰাজ্যিক বিজেপি সভাপতিকে ধৰি ৰাজ্যিক বিষয়ববীয়া, মন্ত্রী, সাংসদ, বিধায়ক, জিলা সভাপতি, বুথ তথা মণ্ডল পর্যায়ৰ কার্যকর্তাই অহা ১ মার্চলৈকে “পৰিয়াল সম্পর্ক অভিযান” কার্যসূচী অব্যাহত ৰাখিব । অভিযানৰ প্রথম কার্যসূচী হিচাপে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৫২নং দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজধানী মণ্ডলত উপস্থিত হৈ কেইবাটাও পৰিয়ালৰ লগত মত-বিনিময় কৰে । অনুষ্ঠানত অংশগ্রহণ কৰি সভাপতি দাসে কয় যে, “পৰিয়াল সম্পর্ক অভিযান” কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ কেইবালাখ কার্যকৰ্তাই প্রতিটো সমষ্টি, প্ৰতিটো মণ্ডল, প্রতিটো বুথৰ প্রায় ৬৭ লাখ পৰিয়ালৰ লগত মত বিনিয়ম কৰিব । ইয়াৰ জৰিয়তে কার্যকর্তাসকলে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে চাৰে চাৰি বছৰত অসমৰ পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বীৰ সকলো জনসাধাৰণক সাঙুৰি গ্ৰহণ কৰা সর্বব্যাপী, সর্বস্পর্শী আঁচনিসমূহৰ বিষয়ে ৰাইজক আভাস দিয়াৰ উপৰিও জনতাৰ মৰম আৰু আর্শীবাদ বুটলিবলৈ সক্ষম হ'ব বুলি সভাপতি ৰণজিৎ কুমাৰ দাসে মত প্ৰকাশ কৰে ।

বিজেপিৰ উদ্যোগত ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান

পৰিয়াল সম্পর্ক অভিযানৰ অংশস্বৰূপে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হৈ ৰাইজৰ মনোভাৱৰ বিষয়ে জ্ঞাত হোৱাৰ লগতে ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই পূর্ণকামদেৱ মোমাইতোলা গাঁৱত উপস্থিত হৈ পৰিয়াল সম্পর্ক অভিযান” কাৰ্যসূচীত অংশগ্রহণ কৰি ভাৰতীয় জনতা পার্টি চৰকাৰে সমাজৰ সৰ্ববিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ ৰাইজৰ আগত দাঙি ধৰে । এই অনুষ্ঠানৰ দ্বাৰা বিজেপি চৰকাৰৰ কাম কাজত প্রতিজন নাগৰিক যে সন্তুষ্ট হৈছে সেই বিষয়ে জ্ঞাত হোৱা বুলি ৰাষ্ট্রীয় সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে । অনুষ্ঠানৰ অংশস্বৰূপে নেডাৰ আহ্বায়ক ড০ হিমন্ত শর্মাই হোজাইত উপস্থিত থাকি বিভিন্ন পৰিয়ালৰ লগত মত বিনিময় কৰে । এই বিষয়ৰ লগত সংগতি ৰাখি আজি ৰাজ্যিক বিজেপিৰ খানাপাৰাস্থিত নির্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত দলৰ সম্পাদক দিপুঞ্জন শমাই এক সংবাদ মেল সম্বোধন কৰি কয় যে, ৰাষ্ট্র সেৱা মনোবৃত্তি আগত ৰাখি গঠন হোৱা ভাৰতীয় জনতা পার্টিয়ে জন্ম হোৱা দিনৰে পৰাই অৰ্থাৎ ১৯৫১ চনৰ ২১ অক্টোবৰৰ পৰাই নিৰৱিচ্ছন্নভাৱে পৰিয়াল সম্পর্ক কার্যসূচী গ্রহণ কৰি আহিছে । এই সপ্তাহজোৰা অভিযানত বিজেপিৰ কাৰ্যকর্তাসকলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে গ্ৰহণ কৰা অভিলেখসংখ্যক কৰ্মৰাজিৰ এক তথ্য সম্বলিত পত্র তথা খাতিয়ান দাঙি ধৰিব ।

বিজেপিৰ উদ্যোগত ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান

সংবাদমেলত বিৰোধী কংগ্ৰেছ দলক নির্বাচন কেন্দ্রিক নাটক কৰা বুলি সমালোচনা কৰি বিজেপিৰ সম্পাদকগৰাকীয়ে কয় যে, নির্বাচনী বতৰৰ প্রতি লক্ষ্য ৰাখিহে বর্তমান কংগ্ৰেছ দলে ৰাইজৰ মাজলৈ ঢাপলি মেলিছে । তেওঁলোকে জনসম্পর্ক অভিযানক নাটক আখ্যা আৰু ভাৰতীয় জনতা পার্টিক অভিযানক দর্শন বুলি অভিহিত কৰি দীপ্লু ৰঞ্জন শর্মাই কয় যে, ক’ৰণা মহামাৰীৰ সময়ত ৰাজ্যৰ বহু দৰিদ্ৰ পৰিয়াল সংকটত ভুগিছিল ৷ এতিয়াৰ দৰে সেই সময়ত কংগ্ৰেছ দল ৰাইজৰ মাজলৈ কিয় ওলাই অহা নাছিল ? সেইটো এটা লাখটকীয়া প্রশ্ন । ইয়াৰ বিপৰীতে ক’ৰণা সংকটৰ সময়ত ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক পর্যায়ৰ পৰা আদি কৰি বুথ পর্যায়লৈকে প্ৰতিজন কার্যকর্তাই নিজ নিজ সামর্থ অনুযায়ী সমগ্র অসমৰ প্রায় ২২ লাখ পৰিয়ালক সাহাৰ্য আগবঢ়াইছিল বুলি ৰাজ্যিক বিজেপিৰ সম্পাদকগৰাকীয়ে সংবাদমেলত সদৰী কৰে । আজিৰ অনুষ্ঠানত বিজেপি অসম প্রদেশৰ মুখপাত্র পবিত্র মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত আছিল ।

বিজেপিৰ উদ্যোগত ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান

লগতে পঢ়ক :প্ৰায় হাজাৰোধিক উগ্ৰপন্থীৰ সৈতে সংবিজিতৰ আত্মসমৰ্পন

ABOUT THE AUTHOR

...view details