অসম

assam

By

Published : Mar 3, 2021, 3:33 PM IST

ETV Bharat / state

আজিৰ নিশাভাগত মিত্ৰজোঁটে ঘোষণা কৰিব প্ৰাৰ্থীত্ব তালিকা

অগপ, বিজেপি দলৰ নেতৃত্বৰ মাজত আসন ভাগ বাটোৱাৰাক লৈ ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হয় ৷ কোনো সমাধান সূত্ৰ নোলোৱাত এই বিষয়ত বুধবাৰে দিল্লীলৈ ৰাওনা হৈছে দুয়োদলৰ নেতৃত্ব ৷ দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে উভয় দলৰে ৰাজ্যিক নেতৃত্ব বৈঠকত মিলিত হোৱাৰ পাচতেই আসন ভাগ বাটোৱাৰাৰ বিষয়টোত চূড়ান্ত মোহৰ পৰা পূৰ্ণ সম্ভাৱনা আছে ।

The alliance will announce the list of candidates late today
আজিৰ নিশাভাগত মিত্ৰজোঁটে ঘোষণা কৰিব প্ৰাৰ্থীত্ব তালিকা

গুৱাহাটী, ৩ মাৰ্চঃ বুধবাৰে নিশাৰ ভিতৰত ঘোষণা হ'ব পাৰে অগপ, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব তালিকা ৷ মঙলবাৰৰ দিনটোত পুৱাৰে পৰা নিশা বহু সময়লৈকে দিছপুৰত ডঃ হিমন্তবিশ্ব শৰ্মা, ৰঞ্জিৎ দাস আৰু অতুল বৰাৰ চৰকাৰী বাসগৃহত দুয়ো দলৰ নেতৃত্বৰ মাজত আসন ভাগ বাটোৱাৰাক লৈ ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হয় ৷

ইয়াৰ পাচতে বুধবাৰে দুপৰীয়া বৰঝাৰৰ পৰা দিল্লী অভিমুখে উৰা মাৰে অগপ আৰু বিজেপি উভয় দলৰে ৰাজ্যিক নেতৃত্ব । বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, দলৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে দিল্লী অভিমুখে ৰাওনা হয় বৈজয়ন্ত পাণ্ডাও ।

সমান্তৰালভাৱে অগপৰ পক্ষৰ পৰা তিনি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ লগতে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যও বুধবাৰৰ দুপৰীয়া দিল্লীলৈ ৰাওনা হৈছে । উল্লেখ্য যে,দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে উভয় দলৰে ৰাজ্যিক নেতৃত্ব বৈঠকত মিলিত হোৱাৰ পাচতেই আসন ভাগ বাটোৱাৰাৰ বিষয়টোত চূড়ান্ত মোহৰ পৰা পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক: আজি মুক্তিৰ সম্ভাৱনা কুইপ’ৰ দুই অপহৃত বিষয়াৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details