অসম

assam

বিধানসভা নিৰ্বাচনঃ ফেব্ৰুৱাৰীত আসনৰ ভাগ-বটোৱাৰা বিজেপি-অগপৰ

By

Published : Jan 21, 2021, 1:01 PM IST

Updated : Jan 21, 2021, 1:24 PM IST

ৰাজ্যৰ কোন কোন সমষ্টি মিত্ৰদল অসম গণ পৰিষদক এৰি দিব বিজেপিয়ে ? ফেব্ৰুৱাৰী মাহত আসনৰ ভাগ-বটোৱাৰা হ'ব ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ । বিধানসভা নিৰ্বাচনত পাটাছাৰকুছি,নাহৰকটীয়া সমষ্টিৰ পৰা কোনটো দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ পাব ?

বিধানসভা নিৰ্বাচনঃ ফেব্ৰুৱাৰীত আসনৰ ভাগ-বাটোৱাৰা বিজেপি-অগপৰ
বিধানসভা নিৰ্বাচনঃ ফেব্ৰুৱাৰীত আসনৰ ভাগ-বাটোৱাৰা বিজেপি-অগপৰ

গুৱাহাটী, ২১ জানুৱাৰী:ৰঙালী বিহুৰ পূৰ্বেই ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে । গতিকে স্বাভাৱিকতে এই সময়ত বিজেপি আৰু মিত্ৰদলসমূহ আসনৰ ভাগ-বটোৱাৰাৰ দিশে অগ্ৰসৰ হৈছে । বিশেষকৈ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত এইবাৰ আসন বুজাবুজিৰ ক্ষেত্ৰত ভালেখিনি পৰিৱৰ্তন পৰিলক্ষিত হ'ব বুলি ধাৰণা কৰিব পাৰি । কিয়নো বৰ্তমান অগপৰ দখলত কেইবাটাও সমষ্টি আঞ্চলিক দলটোৱে বিজেপিক এৰি দিয়াটো নিশ্চিত । একেদৰে, বিজেপিয়েও নিজৰ দখলত থকা দুই এটা সমষ্টি এৰি দিব মিত্ৰদল অগপক ।

বিধানসভা নিৰ্বাচনঃ ফেব্ৰুৱাৰীত আসনৰ ভাগ-বাটোৱাৰা বিজেপি-অগপৰ

অগপৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ আগন্তুক অসম ভ্ৰমণৰ পিছতেই দুই দলৰ মাজত আসনৰ ভাগ-বটোৱাৰাৰ বিষয়টো‌ চূড়ান্ত কৰা হ'ব । অৰ্থাৎ ফেব্ৰুৱাৰীৰ ভিতৰতে দুই দলৰ আসনৰ ভাগ-বটোৱাৰা সম্পূৰ্ণ হৈ উঠিব । সূত্ৰটোৱে প্ৰকাশ কৰা মতে বৰ্তমানে অগপৰ দখলত থকা পাটাছাৰকুছি, নাহৰকটীয়া আৰু উত্তৰ অসমৰ এটা সমষ্টি এইবাৰ দলটোৱে বিজেপিক এৰি দিব । ইয়াৰ বিপৰীতে পলাশবাৰী সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে যদিও সেই সমষ্টিটো এইবাৰ অগপই বিচাৰিছে ।

অনুৰূপভাৱে বৰ্তমান বিজেপিৰ হাতত থকা বিশ্বনাথ সমষ্টিও অগপই বিচাৰিছে এইবাৰ । দলীয় সূত্ৰটোৱে লগতে আৰু কয় যে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত অগপ-বিজেপিৰ মিত্ৰতাৰ বিষয়টোত চূড়ান্ত মোহৰ মৰা হৈছিল দিল্লীত । বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই দিল্লীত বহিহে আসন ভাগ-বটোৱাৰাৰ বিষয়টো চূড়ান্ত কৰিছিল । কিন্তু এইবাৰ অসমতে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব । কেৱল আনুষ্ঠানিক ঘোষণাহে দিল্লীৰ পৰা কৰা হ'ব ।

লগতে পঢ়ক:মুকালমুৱাত বিবাহ যাত্রীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: নিহত এজন

Last Updated : Jan 21, 2021, 1:24 PM IST

ABOUT THE AUTHOR

...view details