গুৱাহাটী, ২৩ আগষ্ট :উপাৰ্জনতকৈও 'সুখৰ অৰ্থনীতি'তহে বিশ্বাসী বুলি দাবী কৰি বিশ্ব সমাজৰ দৃষ্টি আকৰ্ষণ কৰা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান শেহতীয়াকৈ সন্মুখীন হৈছে গুৰুতৰ অৰ্থনৈতিক সংকটৰ (Bhutan facing serious economic crisis) । অতি শেহতীয়াকৈ এই কথা আনুষ্ঠানিকভাৱে জনাইছে ৰাষ্ট্ৰখনৰ 'ৰয়েল মনিটৰী অথৰিটী'য়ে (royal monetary authority of Bhutan) ।
মাত্ৰ ৮ লাখ জনসংখ্যাৰ এই ক্ষুদ্ৰ ৰাষ্ট্ৰখনৰ এই সংকটক লৈ আলোচনা চলিছে অৰ্থনীতিবিদ আৰু গৱেষণা সংস্থাসমূহৰ মাজত । ৰয়েল মনিটৰী অথৰিটীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০ ৰ পৰা আৰম্ভ হোৱা ক'ভিড ১৯ মহামাৰী প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেশখনে লোৱা 'জিৰ' ক'ভিড নীতি'য়ে (Zero Covid policy of Bhutan) দেশখনৰ পৰ্যটন অৰ্থনীতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে । সেই পৰিস্থিতিয়ে ঘৰুৱা অৰ্থনীতিৰ ওপৰত পেলোৱা প্ৰভাৱ শেহতীয়া বিত্তীয় বৰ্ষ দুটাত স্পষ্ট হৈ পৰিছে (impact of covid policy on domestic economy) ।
ৰয়েল মনিটৰী অথৰিটীৰ তথ্য মতে, অৰ্থনৈতিক সংকটৰ এই পৰিস্থিতিত 'ফৰেইন একছেঞ্জ ৰিজাৰ্ভ' (Foreign Exchange Reserve) ২০২১ চনৰ এপ্ৰিলৰ ১.৪৬ বিলিয়ন ডলাৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ৯৭০ মিলিয়ন ডলাৰলৈ নামিছে । সংস্থাটোৰ মতে দেশখনৰ হাতত যি পৰিমাণৰ ফৰেইন একছেঞ্জ ৰিজাৰ্ভ আছে তাৰ বিপৰীতে অহা চৈধ্য মাহলৈহে নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰিব পাৰিব । ভূটানৰ সংবিধান মতে, অতি কমেও বাৰ মাহৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰিব পৰাকৈ ফৰেইন একছেঞ্জ ৰিজাৰ্ভ থাকিবই লাগিব ।
গতিকে সংস্থাটোৰ মতে, জোঁৰ পুৰি হাত পাবলৈ মাজত মাত্ৰ এমাহহে আছে । উল্লেখ্য, ৰয়েল মনিটৰী অথৰিটীয়ে জুলাই মাহতে এই সতৰ্কবাণী প্ৰকাশ কৰিছিল (Royal Monetary Authority issued warning) যদিও পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ পথ এতিয়াও দেশখনে নিৰ্ধাৰণ কৰিব পৰা নাই । মন কৰিবলগীয়া যে, ভূটানে তাৰ দেশীয় উপাৰ্জনৰ ((Bhutan domestic income) ) প্ৰায় সত্তৰ শতাংশ পুঁজি সংগ্ৰহ কৰে জলবিদ্যুৎ প্ৰকল্প (Hydroelectric Project of Bhutan) আৰু পৰ্যটন ক্ষেত্ৰৰ (Tourism industry of Bhutan) পৰা । জলবিদ্যুৎ খণ্ডৰ পৰা বাৰ্ষিক বাজেটৰ ২০ শতাংশ সংগৃহীত হয় ।