গুৱাহাটী, 11 জানুৱাৰী :পদুলিমুখত হেঁপাহৰ ভোগালী বিহু ৷ ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো দুটা দিন বাকী ৷ উজনিৰ পৰা নামনিলৈ এতিয়া চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ যিমানেই ভোগালী বিহুৰ দিন চমু চাপিছে সিমানেই গাঁত তত নোহোৱা হৈছে প্ৰতিগৰাকী অসমীয়াৰ ৷ গাঁৱৰ জীয়াৰী-বোৱাৰী ব্যস্ত এতিয়া পিঠা পনা বনোৱাত ৷ ইফালে ল'ৰাৰ পৰা বুঢ়ালৈকে ব্যস্ত পথাৰত ভেলাঘৰ, মেজি সজাত ৷ বাদ পৰি ৰোৱা নাই কংক্ৰিটৰ মহানগৰবাসীও ৷ মহানগৰীৰ প্ৰতিখন বজাৰত উপলব্ধ হৈছে পিঠাপনা, চিৰা, ৰামদিয়া, সৰভোগৰ দৈ ক্ৰীম, সান্দহৰ লগতে খেৰৰ মেজিও ৷
আনহাতে মহানগৰীৰ খানাপাৰা, দীঘলীপুখুৰী, উজানবজাৰ আদিকে ধৰি মহানগৰীৰ ভিন্ন প্ৰান্তৰত অনুষ্ঠিত হৈছে ভোগালী মেলা ৷ মহানগৰবাসীয়ে যাতে সুন্দৰকৈ হেঁপাহৰ ভোগালী বিহুটি উদযাপন কৰিব পাৰে তাৰ বাবে প্ৰচেষ্টা কৰিছে ভোগালীৰ বিভিন্ন সামগ্ৰী বিক্ৰেতাসকলে ৷ মহানগৰীৰ অন্য প্ৰান্তৰ দৰে বিপণন ক্ষেত্ৰতো অনুষ্ঠিত হৈছে ভোগালী মেলা ৷ অন্য ভোগালী মেলাতকৈ পৃথক এই মেলা ৷ ঠাইতে প্ৰস্তুত কৰা পিঠা-পনা উপলব্ধ হৈছে উক্ত মেলাতে ৷ প্ৰায় 50 ৰো অধিক মহিলাই দিনে নিশাই গ্ৰাহকৰ বাবে প্ৰস্তুত কৰি আছে বিভিন্ন প্ৰকাৰৰ পিঠা আৰু লাড়ু ৷