অসম

assam

ETV Bharat / state

JEE কেলেংকাৰী : 7 দিনৰ আৰক্ষী জিম্মালৈ মূল অভিযুক্ত ভার্গৱ ডেকা

7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে JEE কেলেংকাৰীৰ মূল অভিযুক্ত ভার্গৱ ডেকাক ৷ সোমবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযুক্তজনক হাজিৰ কৰোৱাৰ পাচত এই নিৰ্দেশ প্ৰদান কৰে আদালতে ৷

JEE কেলেংকাৰী
JEE কেলেংকাৰী

By

Published : Nov 2, 2020, 8:10 PM IST

গুৱাহাটী, 2 নৱেম্বৰ: সোমবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে JEE পৰীক্ষা জালিয়াতিৰ মূল অভিযুক্ত ভার্গৱ ডেকাক । আৰক্ষীয়ে অভিযুক্তজনক ১৪ দিনৰ জিম্মাত বিচাৰিল যদিও, আদালতে ৭ দিনৰ জিম্মাত দিয়ে ডেকাক ৷ ইফালে ভাৰ্গৱ ডেকাৰ জামিন বিচাৰি ইতিমধ্যে আদালতত আবেদন জনোৱা হৈছে ৷ কিন্তু সেই আবেদন নাকচ কৰিছে আদালতে ।

JEE কেলেংকাৰী: 7 দিনৰ আৰক্ষী জিম্মালৈ মূল অভিযুক্ত ভার্গৱ ডেকা

ইয়াৰোপৰি ধৃত ডেকাক সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে আদালতে । উল্লেখ্য যে, JEE পৰীক্ষা জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পৰাই বহিঃৰাজ্যত আত্মগোপন কৰি আছিল গ্ল'বেল এডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাই । দেওবাৰে নিশা গোপনে গুৱাহাটীলৈ আহি থকা অৱস্থাত বৰঝাৰ বিমানবন্দৰ পৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছিল আজাৰা আৰক্ষীয়ে । অভিযোগ অনুসৰি পূৰ্বতেও ভাৰ্গৱ ডেকাই ধনৰ বিনিময়ত মেডিকেল, ইঞ্জিনিয়াৰিং আদি প্ৰৱেশ পৰীক্ষাত জালিয়াতিৰে বহু শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাত আগভাগ লৈ আহিছিল । টকাৰ বাবে ভাৰ্গৱ ডেকাই চলাই আছিল পৰীক্ষাৰ নামত বৃহৎ জালিয়াতি ।

লগতে পঢ়ক:JEE কাণ্ড : আজি আদালতত হাজিৰ কৰোৱা হ’ব ভাৰ্গৱ ডেকাক

ABOUT THE AUTHOR

...view details