অসম

assam

ETV Bharat / state

Axom Everest Day 2023: 18 মে’ত পালন কৰা হ’ব অসম এভাৰেষ্ট দিৱস

১৮ মে’ত পালন কৰা হ’ব অসম এভাৰেষ্ট দিৱস ৷ এই দিৱস উপলক্ষে দীঘলীপুখুৰীত আয়োজন কৰা হৈছে সামূহিক দৌৰ ৷ অসম এভাৰেষ্ট দিৱস পালন কৰাৰ সন্দৰ্ভত অৱগত কৰে অসম ৰক এণ্ড স্পৰ্টছ এচোছিয়েচনৰ সভাপতি, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই (10th Axom Everest Day) ৷

By

Published : May 17, 2023, 10:12 PM IST

Axom Everest Day
অসম এভাৰেষ্ট দিৱস

গুৱাহাটী , 17 মে’: 10 বছৰ পূৰ্বে 2013 চনৰ 18 মে'ত অসমৰ যুৱক তৰুণ শইকীয়াই পৃথিৱীৰ সৰ্বোচ্চ শিখৰ মাউন্ট এভাৰেষ্টত বিজয়ধ্বজা উৰুৱাই এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়া হিচাবে পৰিগণিত হয় ৷ তৰুণ শ‍ইকীয়াৰ লগত একলগে যোৱা মনিষ কুমাৰ ডেকাই ইয়াৰ 4 দিন পিছত 22 মে'ত এভাৰেষ্ট বিজয় সাব্যস্ত কৰে ৷ পৰৱৰ্তী সময়ত নৱ কুমাৰ ফুকন, নন্দ দুলাল দাস, হেনৰী ডেভিদ টেৰণ, খৰছিং ইংতি আৰু কেলিফ'ৰ্নিয়া নিৱাসী প্ৰৱাসী অসমীয়া হাইদৰ আলীয়ে পৃথিৱীৰ সর্বোচ্চ শিখৰত ভৰি দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা উৰুৱাই প্ৰতিজন অসমীয়াকে গৌৰৱান্বিত কৰিবলৈ সক্ষম হয় ৷ 18 মে’ৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি পালন কৰা হ’ব অসম এভাৰেষ্ট দিৱস (Axom Everest Day will be Celebrated on May 18) ৷

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই তথ্য দাঙি ধৰি, 18 মে’ত অসম এভাৰেষ্ট দিৱস পালন কৰাৰ সন্দৰ্ভত অৱগত কৰে অসম ৰক এণ্ড স্পৰ্টছ এচোছিয়েচনৰ সভাপতি তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ 18 মে’ৰ পুৱা 6 বজাত অসম এভাৰেষ্ট দিৱস উপলক্ষে দীঘলীপুখুৰী পাৰৰ পৰা চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈ এক সামূহিক দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷ তৰুণ শ‍ইকীয়াৰ লগতে অসমৰ পৰ্বতাৰোহী সকলৰ এই যুগান্তকাৰী সফলতা চিৰস্মৰণীয় কৰি ৰখাৰ লগতে দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি অসমীয়া যুৱক-যুৱতী সকলক আগ্ৰহী কৰিবৰ নিবাবে অনুষ্ঠিত হ’বলগীয়া এই সামুহিক দৌৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব 5 বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি বিশ্ব অভিলেখ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মহিলা পৰ্বতাৰোহী পদ্মশ্ৰী আনচু জেমচেনপা (Axom Everest Day 2023) ৷

লগতে এই দৌৰ কাৰ্যসূচীত ভাগ ল’ব অভিলেখ সৃষ্টিকাৰী আন্তঃৰাষ্ট্ৰীয় সাতোঁৰবিদ এলভিছ আলী হাজৰিকাই ৷ এই দৌৰত সহযোগ কৰিব অসম পুলিছৰ দল, স্থানীয় মহাবিদ্যালয়, এন চি চি দল আদিয়ে ৷ ইয়াৰ উপৰিও বিয়লি 4 বজাত গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত অসমীয়া এভাৰেষ্ট আৰোহণকাৰী সকলৰ সৈতে তেওঁলোকৰ দুঃসাহসিক অভিযানৰ বিষয়ে স্মৃতিচাৰণ তথা এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ এই অনুষ্ঠানত অভিজ্ঞ পৰ্বতাৰোহী, ক্ৰীড়াবিদ সকলৰ লগতে আন আন বিশিষ্ট ব্যক্তি সকলে ভাগ ল'ব বুলি কলিতাই সদৰি কৰে ৷ সংবাদ মেলত সংগঠনটোৰ কাৰ্যকৰী সভাপতি তথা এভাৰেষ্ট বিজয়ী মনীষ কুমাৰ ডেকা, উপ সভাপতি বিপুল পাঠক, সাধাৰণ সম্পাদক দেৱপ্ৰতীম লহকৰ, যুটীয়া সম্পাদক অৰূপজ্যোতি চৌধুৰী উপস্থিত থাকে (10th Axom Everest Day) ৷

লগতে পঢ়ক:Journalist union send memorandum: মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মফচলীয় সাংবাদিকৰ

ABOUT THE AUTHOR

...view details