অসম

assam

ETV Bharat / state

শনিবাৰৰ পৰা সৰুসজাইত প্ৰতিভা সন্ধানী এথলেটিকচ প্ৰতিযোগিতা

সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকচ ষ্টেডিয়ামত অসম এথলেটিকচ সন্থাৰ তত্বাবধানত আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত সদৌ অসম আন্তঃজিলা প্ৰতিভা সন্ধানী এথলেটিকচ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ৷ প্ৰতিখন জিলাৰ স্বৰ্ণ পদকজয়ী এথলীটে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বুলি সংবাদমেল যোগে জনাই অসম এথলেটিকচ সন্থাৰ সভাপতি গৰাকীয়ে ৷

By

Published : Dec 11, 2020, 10:53 PM IST

athletics press meet at soru sojai
শনিবাৰৰ পৰা সৰুসজাইত প্ৰতিভা সন্ধানী এথলেটিকচ প্ৰতিযোগিতা

গুৱাহাটী,11 ডিচেম্বৰ :অসম এথলেটিকচ সন্থাৰ তত্বাবধানত আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত শনিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকচ ষ্টেডিয়ামত প্ৰথম সদৌ অসম আন্তঃজিলা প্ৰতিভা সন্ধানী এথলেটিকচ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব । অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই প্ৰতিযোগিতাৰ বিষয়ে অৱগত কৰে । ১৭ অনুৰ্ধ আৰু ২১ অনুৰ্ধ বছৰৰ ৪০০মিটাৰ আৰু ৪x৪০০মিটাৰ ৰীলেত হ'বলগীয়া প্ৰতিযোগিতাখনত ২২৭গৰাকী এথলীটে ভাগ ল'ব। লগতে অসমৰ প্ৰতিখন জিলাৰ স্বৰ্ণ পদকজয়ী এথলীটে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বুলি সংবাদমেলত উল্লেখ কৰে আয়োজক সকলে ।

শনিবাৰৰ পৰা সৰুসজাইত প্ৰতিভা সন্ধানী এথলেটিকচ প্ৰতিযোগিতা

আনহাতে অসম এথলেটিকচ সন্থাই ২৮-২৯ ডিচেম্বৰত গুৱাহাটীত ৩২ সংখ্যক পূৱ মণ্ডল জুনিয়ৰ এথলেটিকচ প্ৰতিযোগিতা আয়োজন কৰিবলৈ যো জা আৰম্ভ কৰিছে। ইয়াৰোপৰি 2021বৰ্ষৰ ২১-২৫ ফেব্ৰুৱাৰীত সন্থাটোৱে গুৱাহাটীত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকচ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি সংবাদমেলত উল্লেখ কৰে। এই সংবাদমেলত ভাৰতীয় এথলেটিকচ ফেডাৰেছনৰ টেকনিকেল কমিটিৰ চেয়াৰমেন ষ্টেনলী জোনছ, অসম এথলেটিকচ সন্থাৰ সম্পাদক অশোক ভৰালী আৰু যুটীয়া সম্পাদক নিপন দাস উপস্থিত থাকে।

লগতে পঢ়ক:চিকিৎসা ব্যৱস্থাৰ একত্ৰিকৰণৰ বিৰোধিতাৰে চিকিৎসকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details