গুৱাহাটী, ১২ মাৰ্চঃ ই টিভি ভাৰতে পূৰ্বৰে পৰা ৰাজ্যসভা নিৰ্বাচনক লৈ যি সম্ভাৱনীয়তা ব্যক্ত কৰি আহিছিল, হৰ্চ ট্ৰেজিঙৰ আশংকাৰে যি বাতৰি পৰিবেশন কৰি আহিছিল সেয়াই সত্য হ'বলৈ আগবাঢ়িছে । আমি ইতিমধ্যে বাতৰি পৰিবেশন কৰিছিলো যে, পৰ্যাপ্ত সংখ্যাৰ জোৰ নোহোৱা স্বত্বেও বিজেপিয়ে তৃতীয়খন আসনতো প্ৰাৰ্থী আগবঢ়াবলৈ সিদ্ধান্ত লৈছে । আমাৰ সেই বাতৰিয়ে সত্য হোৱাৰ পথত । তৃতীয়খন আসনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কিন্তু শাসকীয় বিজেপি আৰু মিত্ৰ দলৰ সমৰ্থনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব সাংবাদিক অতনু ভূঞা । ইতিমধ্যে ভূঞাই মনোনয়ন প্ৰ-পত্ৰও সংগ্ৰহ কৰিছে ।
বিজেপিৰ নতুন গেমপ্লেনঃ অজিত ভূঞাক হৰুৱাবলৈ তৃতীয় আসনৰ প্ৰাৰ্থী হব অতনু ভূঞা - rajya sabha election
এই কথাও স্পষ্ট হৈ পৰিছে যে ২০১০ ত অসমৰ সংসদীয় ৰাজনীতি কলংকিত কৰা যি ঘটনা ঘটিছিল তেনে ঘটনাই এইবাৰো সংঘটিত হোৱাৰ আশংকা প্ৰবল ।
বিজেপিৰ নতুন গেমপ্লেনঃ অজিত ভূঞাক হৰুৱাবলৈ তৃতীয় আসনৰ প্ৰাৰ্থী হব অতনু ভূঞা
এই কথা প্ৰকাশ নকৰিলেও চলে যে, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞাক পৰাজিত কৰিবলৈকে পৰ্যাপ্ত সংখ্যাৰ জোৰ নোহোৱা স্বত্বেও তৃতীয়খন আসনত অৱতীৰ্ণ হ'ব বিজেপি । ইয়াৰ লগে লগে এই কথাও স্পষ্ট হৈ পৰিছে যে ২০১০ ত অসমৰ সংসদীয় ৰাজনীতি কলংকিত কৰা যি ঘটনা ঘটিছিল তেনে ঘটনাই এইবাৰো সংঘটিত হোৱাৰ আশংকা প্ৰবল ।