গুৱাহাটী, ২৩ নৱেম্বৰ :গুৱাহাটী মহানগৰীত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পশু চিকিৎসা বিভাগৰ এজন উপ-সঞ্চালক (Deputy Director of veterinary department) । ৰুক্মিণীগাঁৱত হাতে-লোটে ধৰা পৰে উপ-সঞ্চালক অৰূপ জ্যোতি ভূঞা । গৰু কঢ়িওৱা বাহনৰ নামত উৎকোচ বিচাৰি আহোতেই হাতে-লোটে ধৰা পৰে পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক ভূঞা ।
২০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে বিষয়াগৰাকী । কোকৰাঝাৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় অৰূপ জ্যোতি ভূঞাক । ৰুক্মিণীগাঁওস্থিত ললিত হাৰ্ডৱেৰ নামৰ বিপনীখনত উৎকোচৰ ধন নিবলৈ আহিছিল উপ-সঞ্চালক ভূঞা ।
জানিব পৰা মতে, এজন ব্যক্তিয়ে আলিপুৰদুৱাৰৰ পৰা তেওঁৰ ফাৰ্মলৈ ৩ টা দুগ্ধজাত গৰু অনাৰ বাবে গুৱাহাটীৰ চেনিকুঠিৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক ড৹ অৰূপ জ্যোতি ভূঞাই ২০,০০০ টকা উৎকোচ বিচাৰিছিল । উক্ত ধন আদায় দিয়াৰ সময়তে কোকৰাঝাৰ আৰক্ষীৰ এটা দলে বিষয়াজনক হাতে-লোটে ধৰা পেলায় ।