অসম

assam

ETV Bharat / state

দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি

চাওঁক দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি

Assam Top10 news of 11AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jul 27, 2020, 11:04 AM IST

দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-

গোলাঘাট জিলা কাৰাগাৰৰ কয়দী আৰু কৰ্মচাৰীসহ মুঠ 117 গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিড-19ত ৷

মৰিগাঁৱৰ ৰূপহীবড়ী গাঁৱৰ এগৰাকী বোৱাৰী তথা কুকিল কণ্ঠীৰ গায়িকা সুনীতা পাটৰ ৷ অতি সাধাৰণ পৰিয়ালত বাস কৰা সুনীতাৰ কণ্ঠত নিগৰে সুৰৰ যাদু ৷ সুনীতাৰ সৈতে ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰ...

অসমৰ বানত ক্ষতিগ্ৰস্তসকললৈ সাহাৰ্য প্ৰদানৰ আহ্বান অভিনেত্ৰী তথা অসম পৰ্যটনৰ পূৰ্বৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাৰ ৷ টুইটাৰযোগে দুটা বিশেষ বান পুঁজি সংস্থা ‘Action Aid’ আৰু ‘Rapid Response’ৰ নাম উল্লেখ কৰি দুয়োটা সংস্থাৰে সাহাৰ্য প্ৰদানৰ লিংক শ্বেয়াৰ কৰি সাহাৰ্য আগবঢ়াবলৈ অনুৰোধ জনাইছে অভিনেত্ৰীগৰাকীয়ে ৷

কোনো অজ্ঞাত লোকে নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ হোডলপুৰৰ একেটা পৰিয়ালৰে তিনি গৰাকী লোকক ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় এগৰাকী লোক ৷

দেওবাৰৰ শেষলৈ 985 গৰকী লোক সুস্থ হোৱাৰ পাচত চিকিৎসালয়ৰ পৰা মুকলি কৰি ঘৰলৈ যাবলৈ দিয়া হয় ৷

মৃত্যু হোৱা চিকিৎসক জনৰ নাম ডাঃ জি এম এছ চৌধুৰী ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য বিভাগৰ অৱসৰপ্ৰাপ্ত চিকিৎসক আছিল তেওঁ ৷

নিশ্চিহ্ন হোৱাৰ পথত অসমৰ এটা সমষ্টি ৷ যিকোনো মুহূৰ্তত অসমৰ মানচিত্ৰৰ স্থল ভাগৰ পৰা নিশ্চিহ্ন হ’ব পাৰে সমষ্টিটো । চৰম অস্তিত্বৰ সংকটত অসম বিধানসভাৰ ২২ নং দক্ষিণ শালমাৰা সমষ্টি । কাৰণ প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে সমষ্টিটোৰ ইখনৰ পিচত সিখন গাঁও ।

বৰপেটা জিলা কাৰাগাৰত পুনৰ 19 গৰাকী কয়দী আক্ৰান্ত হয় ক’ভিড মহামাৰীত ৷ পূৰ্বতে 14 গৰাকী কয়দী আক্ৰান্ত হৈছিল ৷

লক ডাউনে সলনি কৰিছে বহু লোকৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া ৷ পূৰ্বে ৰাজ্যৰ বাহিৰত কৰিঅ’গ্ৰাফাৰ হিচাপে কৰ্মৰত স্বামী-স্ত্ৰীয়ে তিনিবছৰ পূৰ্বে গৃহৰাজ্যলৈ উভতি আহি জামুগুৰিহাটৰ চেঁচাসত্ৰত D BASS নামেৰে মুকলি কৰে এখন নৃত্য প্ৰতিষ্ঠান ৷ কিন্তু লক ডাউনৰ ফলত নৃত্য প্ৰশিক্ষণৰ প্ৰতিষ্ঠানখন সলনি হৈ ৰূপ ল’লে চাহ বিপণীলৈ ৷

COVID-19 পৰীক্ষাৰ বাবে অসম চৰকাৰে ক্ৰয় কৰা টেষ্ট কিট সমূহৰ মূল্যক লৈ কেতবোৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁৰ উত্থাপিত অভিযোগ অনুসৰি COVID-19 ৰ বাবে ভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ সময়ত হৈছে খেলিমেলিৰ ৷

ABOUT THE AUTHOR

...view details