অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

চাওঁক দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

Assam Top10 news
মুখ্য দহটা বাতৰি

By

Published : Jul 24, 2020, 1:01 PM IST

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি-

বিলিফাং বসুমতাৰীৰ পৰা এটা হস্ত নিৰ্মিত বন্দুক সহ ৫ জাঁই সজীৱ গুলী আৰু ৫০ গ্ৰাম বিস্ফোৰক জব্দ কৰে এচ এচ বি ৰ ১৫ নং বেটেলিয়ানৰ দংশীয়াপাৰা সীমান্ত চকীৰ দলে ।

কামপুৰত বালি আৰু অবৈধ কাঠৰ মিলৰ চোৰাং ব্যৱসায় ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অপদস্থ কৰাৰ লগতে কেমেৰা কাঢ়ি নিয়াৰ চেষ্টা চলায় চোৰাং ব্যৱসায়ীয়ে ৷

টীয়কৰ কাকজান কমাৰখাটোৱালৰ বানাক্ৰান্তৰ পৰ্যাপ্ত খাদ্য যোগান নধৰাৰ অভিযোগ ৷ শিশুখাদ্য আৰু পশুধনৰ খাদ্য যোগান নধৰাৰো গুৰুত্বৰ অভিযোগ বন্যাৰ্তৰ ৷

খাদ্যৰ সন্ধানত সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বৃহৎ হাতীৰ জাকটোৱে ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰাৰ পাচত আমাৰীবাৰী বনকৰ্মীয়ে আতচবাজী আৰু শূন্যলৈ গুলী ফুটাই বনৰীয়া হাতীৰ জাকটোক পুনৰ অভয়াৰণ্যখনলৈ খেদি পঠিয়ায় ৷ কোনো অনিষ্ট নকৰাকৈয়ে উভতি যায় হাতীৰ জাকটো ৷

অত্যাধিক বোজাই ভৰ্তি কয়লা পৰিবাহী ট্ৰাক পাৰ হোৱাৰ বাবে সংঘটিত হয় দুঘটনাতো ৷ লোৰ দলঙখন ভাঙিযোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত ৷

মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহান্তি আৰু ন্যায়াধীশ প্ৰকাশ গুপ্তাৰ খণ্ড বিচাৰপীঠে 21 জুলাই শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল ৷

আফগানিস্তানত প্ৰতিৰক্ষা বাহিনীৰে গুলীয়াগুলিত 28 তালিবান নিহত ৷ আঘাতপ্ৰাপ্ত হৈছে 27 তালিবানী সেনা ৷

ভাৰতীয় সেনাবাহিনীত মহিলা বিষয়াসকলক স্থায়ী কমিচন দিয়াৰ বাবে সিদ্ধান্ত লৈছিল উচ্চতম ন্যায়ালয়ে ৷ ইয়াৰ এমাহৰ পিছত, অৱশেষত কেন্দ্ৰই মহিলা বিষয়াসকলক সেনাবাহিনীত মুখ্য ভুমিকা পালন কৰিবলৈ অনুমতি প্ৰদান কৰে, যাৰ বাবে চৰকাৰী সমৰ্থন পত্ৰ জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে ৷

কিশোৰীগৰাকীৰ গোচৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে যুৱক দুজনক কৰায়ত্ত কৰি ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৷

জাকাৰ্টা এছিয়ান গেমছত 4x400 ৰিলেৰ মিশ্ৰিত শাখাত ভাৰতীয় দলত আছিল মহম্মদ অনাছ, পুৱামা, হিমা দাস আৰু আৰকীয়া ৰাজীৱ ৷

ABOUT THE AUTHOR

...view details