অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ মুখ্য দহটা বাতৰি

চাওক পুৱা 9 বজাৰ মুখ্য দহটা বাতৰি

Assam Top10 news
মুখ্য দহটা বাতৰি

By

Published : Aug 10, 2020, 8:56 AM IST

পুৱা 9 বজাৰ মুখ্য দহটা বাতৰি-

1. সদনৰ মজিয়াত একতা দেখুৱাবলৈ বিধায়কসকলক আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

ৰাজস্থানত 14 আগষ্টৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ সত্ৰ অধিবেশন ৷ এই অধিবেশনত গেহলট চৰকাৰে আস্থা ভোট প্ৰদৰ্শন কৰিব ৷

2. ৱাছিংটন ডিচিত গুলিয়াগুলি,এজনৰ মৃত্যু, 20 জন আঘাতপ্ৰাপ্ত

দেওবাৰে ৱাছিংটন ডিচিত অনুষ্ঠিত হোৱা এক বৃহৎ মুকলিমুৰীয়া পাৰ্টীত গুলিয়াগুলিযোগে এক বিবাদৰ সূত্ৰপাত হৈ এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে এগৰাকী মহিলা অফ ডিউটী বিষয়াসহ 20 গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷

3. নাও দুৰ্ঘটনা : কথমপি ৰক্ষা পৰিল কাজিৰঙাৰ বনকৰ্মী

কহৰা ৰেঞ্জত এটা গঁড়ৰ খৰ্গ কাটি নিয়াৰ পাছত বন কৰ্মীয়ে অভিযান চলায় । এই অভিযানত বনকৰ্মীৰ এটা দলে এখন টুলুঙা নাৱত উঠি ঘূৰি অহাৰ সময় এটা সূঁতিত নাওখন হঠাৎ ডুবি যায় আৰু বনকৰ্মী কেইজন পানীৰ সোঁতত উটি যায় ।

4.জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি হোৱা নাই : অতুল বৰা

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰাৰ কথা সংবাদ মেলযোগে ঘোষণা কৰিছিল কৃষিমন্ত্ৰী অতুল বৰাই ৷ তাৰ পাচতেই এই বিষয়ক লৈ ৰাজ্যত ব্যাপক চৰ্চা চলিছে ৷ জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ কৰিব বিচৰা সম্পৰ্কে কোনো ৰাজনীতি নাই বুলি সদৰী কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই ।

5.সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

আৰক্ষীৰ জালত সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্ত ৷ নিশা সাংবাদিকগৰাকীৰ কাৰ্যালয়তে এডাল কেবলেৰে ডিঙিত মোৰিয়াই হত্যা কৰিছিল এগৰাকী যুৱতীয়ে ৷ ঘটনাৰ 24 ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত যুৱতীগৰাকীক ৷

6. ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোত অনুষ্ঠিত হ'বলগীয়া কেইটামান গুৰুত্বপূৰ্ণ ঘটনা ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ক'ত কি অনুষ্ঠিত হ'ব আজিৰ দিনটোত এক চমু আভাষ...

7. পুনৰ জীয়াঢলৰ বানৰ কবলত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

লগতে বানে ক্ষতিসাধন কৰে ৰেল আলিৰ সমীপৰ তিনি ঘৰীয়াৰ তিলেন দলে , সূৰ্য দলে , দ্বিজেন দলেৰ বাসগৃহ ৷ ফলত হাহাকাৰ পৰস্থিতিৰ সৃষ্টি হয় পৰিয়াল কেইটাৰ মাজত ৷

8. ভূৰৰ পৰা পৰি সলিল সমাধি দুই যুৱকৰ

বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ বৰঘোপা গাঁৱত শোকাৱহ ঘটনা ৷ থাৰ্মক’লৰ ভূৰৰ পৰা পৰি মৃত্যুক সাৱটিলে দুই যুৱকে ৷ মৃত দুই যুৱক গুৱাহাটী নুনমাটিৰ শালবাৰীৰ অবিনাশ নায়ক (২৩) আৰু হেমেন বসুমতাৰী (২০) বুলি জানিব পৰা গৈছে ৷

9. চৰকাৰী পশু খাদ্যৰ চোৰাংভাৱে বিক্ৰী কৰাক লৈ উত্তেজনা

কলগাছিয়াৰ বালিকুৰিত চৰকাৰী পশুখাদ্য চোৰাং বজাৰত বিক্ৰী। ৰাইজে উদ্ধাৰ কৰিলে বিক্ৰী হোৱা চাপৰ। চৰকাৰী গাঁওবুঢ়া সহ চাৰিজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল ৰাইজৰ। আৰক্ষীৰ তদন্ত অব্যাহত।

10.নেটান্যাহুৰ বিৰোধিতাৰে সহস্ৰাধিক লোকে ঘেৰাও কৰিলে কেন্দ্ৰীয় জেৰুজালেম

ইজৰাইলৰ নেতাৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন চলি থকাৰ মাজতে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ কেন্দ্ৰীয় জেৰুজালেমস্থিত চৰকাৰী আবাসগৃহৰ সমীপত সহস্ৰাধিক প্ৰতিবাদী জনতাই সাব্যস্ত কৰিলে প্ৰতিবাদ ।

ABOUT THE AUTHOR

...view details