অসম

assam

ETV Bharat / state

পুৱাৰ 9 বজাৰ মুখ্য দহটা বাতৰি

চাওক পুৱাৰ 9 বজাৰ মুখ্য দহটা বাতৰি

Assam Top10 news
শীৰ্ষ বাতৰি9 বজাৰ মুখ্য দহটা বাতৰি

By

Published : Aug 3, 2020, 8:55 AM IST

Updated : Aug 3, 2020, 11:13 AM IST

পুৱাৰ 9 বজাৰ মুখ্য দহটা বাতৰি-

1. আজি বিশ্ব সংস্কৃত দিৱস

আজি বিশ্ব সংস্কৃত দিৱস ৷ বিশ্ব সংস্কৃত দিৱস উপলক্ষে আকাশবাণীয়ে পোন প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ সংস্কৃত ভাষাত ‘‘বহুজন ভাষা-সংস্কৃত ভাষা’’ শীৰ্ষক সম্প্ৰচাৰ কৰিছে এক বিশেষ কাৰ্যসূচীৰ ৷

2. কৰ'ণাত আক্ৰান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা

কৰ'ণাত আক্ৰান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা ৷ দেওবাৰে টুইটাৰযোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ দেহত কৰ'ণা উপস্থিতি লাভ কৰাৰ পাচতে চিকিৎসালয়ত ভৰ্তি বি এছ য়েডিয়ুৰাপ্পা ৷

3. ৰাজ্যত 42904 লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

দেওবাৰে পুনৰ 1178 গৰাকী ক’ভিড পজিটিভ ৷ ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷

4.দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী আদিত্যলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী, আদিত্য, যিয়ে তিনিবছৰ পূৰ্বে ইয়াৰ বাণিজ্যিক যাত্ৰা আৰম্ভ কৰিছিল, এইখন ফেৰীয়ে লাভ কৰিছে সন্মানীয় Gustave Trouve বঁটা ৷ Gustave Trouve হৈছে আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু ইলেকট্ৰিক বোট আৰু বোটিং শাখাত আদিত্যই এই বঁটা লাভ কৰে ৷

5.শিলচৰত উত্তেজনাময় পৰিৱেশ

শিলচৰত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰবৰ বুলেটৰ প্ৰয়োগ আৰক্ষীৰ ৷

6. দাৰ্জিলিঙত এম্বুলেঞ্চৰ পৰা পলায়ন ক'ভিড-19 আক্ৰান্ত ব্যক্তিৰ

দাৰ্জিলিঙত এম্বুলেঞ্চৰ পৰা পলায়ন কৰে এগৰাকী ক'ভিড আক্ৰান্ত ব্যক্তিয়ে ৷ 55 বছৰীয়া ব্যক্তিগৰাকীয়ে প্ৰস্বাৱ কৰাৰ চলেৰে বাহনৰ পৰা নামি গৈ পলায়ন কৰে ৷ বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

7.অমিত শ্বাহৰ আশু-আৰোগ্য কামনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ক’ভিড-19 আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশু-আৰোগ্য কামনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

8.দেওবাৰে বিয়লি পৰ্যন্ত ৰাজ্যৰ 19 খন জিলা বানৰ কবলত

হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ মাজত ৷ বৰ্তমান 110 গৰাকী লোকে বানৰ ফলত মৃত্যুক আকোঁৱালি লৈছে ৷ 8,54,235 গৰাকী লোক আজিও বানৰ কবলত ৷

9.নগাঁৱত প্ৰথমজন কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু

হৃদযন্ত্ৰৰ ৰোগতো আক্ৰান্ত আছিল নিহত গুলোক শৰ্মা। ৰেপিড এন্টিজেন টেষ্টৰ সহায়ত ক’ভিড পৰীক্ষা কৰা হয়। কিন্তু পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পূৰ্বেই মৃত্যু হয় লোকজনৰ।

10. পঞ্জাৱ সুৰা ট্ৰেজেডী : নিহতৰ সংখ্যা 104লৈ বৃদ্ধি

বিষাক্ত সুৰা সেৱন কৰি পঞ্জাৱত মৃত্যু হোৱা লোকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি পাইছে ৷ তিনিখনকৈ জিলাত সংঘটিত হোৱা এই ঘটনাত টাৰ্ণ টৰণ জিলাতেই সৰ্বাধিক 75 গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিছে ৷

Last Updated : Aug 3, 2020, 11:13 AM IST

ABOUT THE AUTHOR

...view details