অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

চাওক দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি

Assam Top10 news
মুখ্য দহটা বাতৰি

By

Published : Aug 1, 2020, 1:09 PM IST

দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি-

1.অখিল গগৈৰ মুক্তিৰ দাবী: কৃষি মুক্তিৰ চাৰি সদস্যৰ মুণ্ডন

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মৰিয়নীৰ নকছাৰীত উত্তাল প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰি সদস্যই মুণ্ডনৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷

2. গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ শৰণীয়াৰ

শনিবাৰে বাক্সাৰ গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ গৰাখহনীয়াৰ লগতে অঞ্চলটোৰ আন আন সমস্যাৰ বুজ লয় সাংসদ গৰাকীয়ে ৷

3. বিজেপি সমৰ্থকক ঘৰত সোমাই ভাবুকি দুৰ্বৃত্তৰ

বিটিচি নিৰ্বাচনৰ পূৰ্বে সংঘটিত হ’বলৈ ধৰিছে বিক্ষিপ্ত ঘটনা ৷ এইবাৰ কুমাৰীকাটাত বিজেপি সমৰ্থকক প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ ৷ আৰক্ষী থানাত এজাহাৰ দাখিল ৷

4.স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত আদৰ্শ মহাবিদ্যালয়ৰ নামকৰণৰ দাবী আটছাৰ

চৰকাৰে ডুমডুমাত স্থাপন কৰিবলৈ লোৱা আদৰ্শ মহাবিদ্যালয়খন অঞ্চলটোৰ স্বনামধন্য ব্যক্তি স্বৰ্গীয় মুলীয়া তাঁতীৰ নামত নামকৰণ কৰাৰ দাবী জনায় আটছাই । চৰকাৰে এই সিদ্ধান্ত মানি নল’লে আগন্তুক দিনত ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰে সংগঠনটোৱে ।

5. 50 বছৰ ধৰি বাতৰি কাকত যোগান ধৰা হ’কাৰ খগেন আৰু নাই

বিগত 50 বছৰে ৰাইজৰ মাজত বাতৰি কাকত যোগান ধৰা লামডিঙৰ হ’কাৰ খগেন সেনৰ মৃত্যুত শোকত ভাগি পৰিছে তেওঁৰ সতীৰ্থসকল ৷

6.চিৰাঙত কৃষকৰ মাজত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণ

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ অধিনত তিনিখন ট্ৰেক্টৰৰ লগতে ১৪ খন পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ লাভ কৰি উপাৰ্জন দুগুণ কৰাৰ আশাবাদী হিতাধিকাৰী কৃষক ৷

7. গোৱালপাৰাত নদীৰ পৰা জব্দ শাল গছৰ কুণ্ডা

ৰংজুলি আঞ্চলিক বন বিভাগে অভিযান চলাই ৰংজুলিৰ পালপাৰাত নৈৰ পৰা এখন নাও সহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় নাওখনত কঢ়িয়াই নিয়া বৃহৎ পৰিমাণৰ শালগছৰ অবৈধ কুণ্ডা ।

8.আজি পবিত্ৰ ঈদ-উদ-জোহা

আজি পবিত্ৰ ঈদ-উদ-জোহা অথবা ঈদ-উদ-আজহা ৷ সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকল পালন কৰিছে ত্যাগৰ প্ৰতিভূ স্বৰূপ এই উৎসৱটি ।

9.দলং নিৰ্মাণত ব্যৰ্থতাক লৈ বিধায়কৰ বিৰুদ্ধে সৰৱ সমষ্টিবাসী

দলং নিৰ্মাণক লৈ সৰৱ হাইলাকান্দি জিলাৰ আলগাপুৰ নিৰ্বাচনী চক্ৰৰ উত্তৰ নাৰায়ণপুৰবাসী ৷ আলগাপুৰৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীৰ ব্যৰ্থতা আৰু কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

10. 40 হাজাৰলৈ অতিক্ৰম ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷ শুকুৰবাৰৰ দিনটোত পুনৰ মুঠ 1862 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰ লগে-লগে ৰাজ্যত আক্ৰান্তৰ সংখ্যা 40 হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে 98 গৰাকী ৷

ABOUT THE AUTHOR

...view details