অসম

assam

ETV Bharat / state

ৰাজ্যিক চিৰিয়াখানাৰ চৌহদৰ বাহিৰলৈ যাব নোৱাৰিব কোনো কৰ্মচাৰী

গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা কৰ্মচাৰীসকল বাহিৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ লগতে বাধা আৰোপ কৰা হৈছে বাহিৰা লোকৰ প্ৰৱেশত । Covid 19 ৰ সংক্ৰমণ ৰোধৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে কেইবাটাও সতৰ্কমূলক ব্যৱস্থা ।

Assam state Zoo iniciative to cure Covid 19
কঠোৰ স্থিতি গ্ৰহণ অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ

By

Published : Apr 7, 2020, 5:53 PM IST

গুৱাহাটী,7 এপ্ৰিলঃনিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাত এটা বাঘ Covid 19 ৰ দ্বাৰা আক্রান্ত হোৱাৰ খবৰে অধিক চিন্তিত কৰি তুলিছে মানৱ সমাজক । নিজৰ অস্তিত্ব ৰক্ষাৰ লগতে এতিয়া পৃথিৱীৰ জীৱ-জন্তুবোৰৰ ৰক্ষাৰ দায়িত্ব মানৱ জাতিৰ কান্ধত ন্যস্ত হৈছে । নিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাত এটা বাঘ এই ভাইৰাছৰ চিকাৰ হোৱাৰ পিছত দেশৰ চিৰিয়াখানাসমূহ অধিক সষ্টম হৈ পৰিছে ৷ অসমৰো গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই চিৰিয়াখানাৰ জন্তু সমূহক ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰিছে কেইটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা ।

কঠোৰ স্থিতি গ্ৰহণ অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ

উল্লেখ্য যে, বিগত ১৬ মাৰ্চৰ পৰা দর্শনাৰ্থীৰ বাবে সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে চিৰিয়াখানাখন । চিৰিয়াখানাৰ কৰ্মচাৰীসকল চৌহদৰ পৰা ওলাই যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে বাহিৰা লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই । চিৰিয়াখানাৰ জন্তু সমূহক খাদ্য যোগান ধৰা লোকসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা শিথিল কৰা হৈছে । খাদ্য সামগ্ৰীসমূহো সম্পূৰ্ণ চেনিটাইজ কৰাৰ পিছতহে যোগান ধৰা হয় বিভিন্ন জন্তুসমূহক । চিৰিয়াখানা কৰ্তৃপক্ষই চৰকাৰী নিৰ্দেশনা অনুযায়ী বন্যপ্ৰাণী সমূহৰ সুৰক্ষাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে । চিৰিয়াখানা চৌহদত মানুহৰ স্পর্শলৈ অহা সকলো বস্তু নিয়মীয়াকৈ চেনিটাইজ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ।

লগতে চাওকঃলকডাউনৰ সময়ত কোলাত 14 মহীয়া সন্তানক লৈ কৰ্তব্যলৈ আহিল এগৰাকী মহিলা আৰক্ষী

ABOUT THE AUTHOR

...view details