গুৱাহাটী,29 নৱেম্বৰঃ ২১ নৱেম্বত উদযাপিত হোৱা বিশ্ব ফিচাৰী দিৱসত দেশৰ ভিতৰত শ্ৰেষ্ঠ মীন বিভাগ হিচাপে নিৰ্বাচিত হয় অসম । ভাৰত চৰকাৰে অসমৰ মীন বিভাগক প্ৰদান কৰিলে এই শ্ৰেষ্ঠত্ব বঁটা । লগতে নগাঁও জিলাই লাভ কৰে শ্ৰেষ্ঠ মীন উৎপাদনকাৰী জিলাৰ সন্মান । শ্ৰেষ্ঠ মীন পালকৰ সন্মান লাভ কৰে অমল মেধিয়ে । দেওবাৰে গুৱাহাটীৰ মীন সঞ্চালকালয়ৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ তেখেতে কয় যে, মাছৰ পোণা উৎপাদনৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসম স্বনিৰ্ভৰশীল হৈছে। পূৰ্বৰ তুলনাত ২০১৯-২০ বৰ্ষত ৯৫১৯ নিযুত মাছৰ পোণা উৎপাদন কৰিবলৈ সক্ষম হৈছে মীন বিভাগ । মাছ উৎপাদনৰ ক্ষেত্ৰত ২০১৯-২০ বৰ্ষত ২৬.৮৭ % ৰে ৩.৭৩ লাখ মেট্ৰিকটন উৎপাদন কৰিবলৈ সক্ষম হৈছে অসমে ৷
অসমে লাভ কৰিলে শ্ৰেষ্ঠ মৎস্য উৎপাদনকাৰী ৰাজ্যৰ সন্মান - অসমে লাভ কৰিলে শ্ৰেষ্ঠ মৎস্য উৎপাদনকাৰী ৰাজ্যৰ সন্মান
২১ নৱেম্বত উদযাপিত হোৱা বিশ্ব ফিচাৰী দিৱসত দেশৰ ভিতৰত শ্ৰেষ্ঠ মীন বিভাগ হিচাপে নিৰ্বাচিত হয় অসম। দেওবাৰে গুৱাহাটীৰ মীন সঞ্চালকালয়ৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
কৰ'ণা সন্ত্ৰাসৰ বাবে মৎস্য বিপণনৰ ক্ষেত্ৰত কিছু যতি পৰিছিল যদিও পূৰ্বৰ তুলনাত ফিছ ফেডে উন্নয়ণৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে । ফিছফেডৰ বিপণন প্ৰক্ৰিয়া শক্তিশালী কৰাৰ লগতে সহজতে মাছ যোগান ধৰিবৰ বাবে অত্যাধুনিক এপ’ৰ ব্যৱস্থা কৰিছে মীনবিভাগে । কেন্দ্ৰীয় মীন প্ৰযুক্তি প্ৰতিষ্ঠানৰ সহযোগত FRP Now তৈয়াৰ কাৰখানা স্থাপন কৰাৰ লগতে জীৱিত মাছ পৰিবহণৰ বাবে অত্যাধুনিক ব্যৱস্থা লুধিয়ানাৰ Ciphet ৰ লগত বুজাবুজি সম্পন্ন কৰিছে । ইয়াৰোপৰি মীন পালকসকলৰ সুবিধাৰ বাবে প্ৰধান মন্ত্ৰীৰ মৎস্য সম্পৰা যোজনাৰ অধীনত ২০২০- ২১ বিত্তীয় বৰ্ষৰ বাবে ২৫,০০,০০০ লাখ টকীয়া দহখন শীত-তাপ নিয়ন্ত্ৰিত গাড়ী, ২০,০০,০০০ লাখটকীয়া পাঁচখন insulated বাহন, ১৩৫ খন ই-ৰিক্সাকে আদি কৰি প্ৰায় ২৪ খন বিশেষ আঁচনি কৃষক সকললৈ ৰাজ্য চৰকাৰৰ মীন বিভাগে আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
লগতে পঢ়ক-সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে সাংবাদিক স্নেহাশীষ চক্ৰৱৰ্তীৰ অভিনৱ পদক্ষেপ