অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত থকা অসমৰ লোকক আনিবলৈ সাজু ৰাজ্য চৰকাৰ - জ্যেষ্ঠ সাংবাদিক

শনিবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত জ্যেষ্ঠ সাংবাদিক সকলৰে এক বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । য'ত বহিঃৰাজ্যত থকা অসমৰ লোকসকলক নিজ ৰাজ্যলৈ ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে বুলি জনায় ।

assam govt takes initiative to return the stucked peoples of assam
assam govt takes initiative to return the stucked peoples of assam

By

Published : May 2, 2020, 4:57 PM IST

গুৱাহাটী, ২ মে': কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মানি বহিঃৰাজ্যত থকা অসমৰ লোকসকলক নিজ ৰাজ্যলৈ ঘূৰাই আনিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ । ইয়াৰ বাবে এলানি ৰূপৰেখাও প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । শনিবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত জ্যেষ্ঠ সাংবাদিক সকলৰে মুখ্যমন্ত্ৰীয়ে এক বাৰ্তালাপত মিলিত হোৱাৰ সময়ত এই ৰূপৰেখাৰ বিষয়ে সদৰী কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । সেই অনুসৰি বহিঃৰাজ্যৰ পৰা অনা মানুহখিনিক শ্ৰীৰামপুৰ আৰু বক্সিৰহাটত ভাগ ভাগ কৰা হ'ব । তাৰ পিচত নলবাৰী পৰ্যন্ত আহিবলগীয়া লোকসকলক কোকৰাঝাৰ আৰু চিৰাঙত কোৱাৰেণ্টাইন আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব ।

বহিঃৰাজ্যত থকা অসমৰ লোকক আনিবলৈ সাজু ৰাজ্য চৰকাৰ

একেদৰে মধ্য অসমৰ লোকসকলক পোনে পোনে অনা হ'ব সৰুসজাইলৈ । উত্তৰ অসমৰ লোকসকলক তেজপুৰলৈ লৈ যোৱা হ'ব আৰু তাত কোৱাৰেণ্টাইন আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব । অনুৰূপভাৱে উজনি অসমৰ লোকসকলক যোৰহাটলৈ নিয়া হ'ব আৰু তাতে চিকিৎসা আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ'ব । মন্ত্ৰী গৰাকীয়ে এই বুলিও প্ৰকাশ কৰে যে, ৩ মে'ৰ পিচত যিহেতু বহু চৰকাৰী-বেচৰকাৰী কাৰ্যালয় পুনৰ মুকলি হ'ব সেয়ে, কোনো লোক বহিঃৰাজ্যত পূৰ্বৰ দৰে থাকিব বিচাৰিলে থাকিব পাৰিব । ইয়াৰ বাবে তিনি মাহৰ বাবে তেওঁলোকক চৰকাৰে জলপানীৰ যোগান ধৰিব । অসমলৈ এইসকল লোকক ঘূৰাই অনাৰ পিচত প্ৰতিদিনে কমেও পাঁচ হাজাৰ নমুনা পৰীক্ষা কৰিব লাগিব । ৰাজ্যৰ জিলাসমূহক নতুনকৈ ৰেড জ'ন, অৰেঞ্জ জ'ন বা গ্ৰীন জ'নত বিভক্ত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

তেওঁ লগতে এই বুলিও আশংকা প্ৰকাশ কৰে যে, পৰিস্থিতি যদি একেই থাকে তেন্তে ১৫ আগষ্ট পৰ্যন্ত ভাৰতত আক্ৰান্তৰ সংখ্যাই কোটিৰ ঘৰ স্পৰ্শ কৰিব । সেই অনুপাতে অসমতো বাঢ়িব আক্ৰান্তৰ সংখ্যা । ৫ মে'ৰ পৰা প্ৰতিখন গাঁৱলৈ চিকিৎসকৰ দল প্ৰেৰণ কৰিব চৰকাৰে । আনহাতে শনিবাৰে গুজৰাটৰ পৰাও অসমৰ এটা শিক্ষাৰ্থীৰ দলে উভতনি যাত্ৰা আৰম্ভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে । একেদৰে ৰাজ্যৰ বৰ্তমানৰ বিত্তীয় অৱস্থাৰ তথ্য দাঙি ধৰি তেওঁ কয় যে সম্প্ৰতি ৪,৯০০ কোটি টকা ৰাজকোষত জমা আছে ।

লগতে পঢ়কঃবহিঃৰাজ্যত আবদ্ধ ছাত্ৰ-ছাত্ৰীৰ চৰকাৰলৈ অনুৰোধ

ABOUT THE AUTHOR

...view details