গুৱাহাটী,30 এপ্ৰিলঃ বৃহস্পতিবাৰে মহানগৰীৰ আইএছবিটিৰ পৰা ৰাজ্যৰ ভিন্ন স্থানলৈ ৰাওনা হৈছে কেইবাখনো বাছ । এই সমগ্ৰ যাতায়াত ব্যৱস্থা প্ৰতিদিনে পৰ্যবেক্ষণ কৰি আছে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । যাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে মন্ত্ৰীগৰাকীয়ে তদাৰক কৰিছে সকলো দিশ । লগতে যাত্ৰা সম্পৰ্কীয় নীতি-নিয়মৰ বাবে প্ৰতিজন লোকক স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । আৰক্ষীৰ ওচৰত মজুত উক্ত তালিকা চৰকাৰে গ্ৰহণ কৰি আবদ্ধ লোক সকলক নিজ নিজ স্থানলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব পৰিবহণ নিগমে । ইতিমধ্যে প্ৰায় 20,000 লোকক নিগমৰ বাছেৰে গন্তব্যস্থানলৈ প্ৰেৰণ কৰা হৈছে । বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলা প্ৰশাসনে 152 খন বাছেৰে গুৱাহাটীত আবদ্ধ শ্ৰমিকসকলক ঘৰলৈ প্ৰেৰণ কৰে ৷
আন্তঃৰাজ্যিক যাতায়াতৰ অনুমতি প্ৰদানৰ দিশে অসম চৰকাৰ
বৃহস্পতিবাৰে আন্তঃজিলা যাতায়াতৰ পঞ্চমটো দিন । বৰ্তমানেও গুৱাহাটীত আবদ্ধ ৰাজ্যৰ ভিন্ন স্থানৰ লোকসকলক অসম পৰিবহণ নিগমৰ বাছেৰে গন্তব্যস্থানলৈ প্ৰেৰণ কৰি আছে চৰকাৰে । সমান্তৰালকৈ আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা অব্যাহত ৰাখিছে চৰকাৰে ৷ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা প্ৰকাশ কৰে ৷
আন্তঃজিলা যাতায়াত অব্যাহত
তদুপৰি, আন্তঃৰাজ্যিক যাতায়াতৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা জাননী সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো নিৰ্দেশ আখৰে আখৰে ৰাজ্য চৰকাৰে পালন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ লোকসকলক শীঘ্ৰে ঘূৰাই অনাৰ ক্ষেত্ৰত বিভিন্ন চিন্তা-চৰ্চা অসম চৰকাৰে অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰে মন্ত্ৰী পাটোৱাৰীয়ে ৷
লগতে চাওকঃবিষাক্ত কাঠফুলা খাই দুজনৰ মৃত্যু