গুৱাহাটী, ১ জানুৱাৰী :অৰ্থনৈতিক সংকটৰ সন্মূখীন হোৱা ৰাজ্য চৰকাৰৰে ৰাজহ সংগ্ৰহৰ বাবে লক্ষ্য কৰি লৈছে সাধাৰণ জনতাক । উৎপাদনহীন ৰাজ্যত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নিত্য ব্যৱহাৰ্য আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি তথা কৰ বৃদ্ধি কৰিয়েই ৰাজকোষ ভৰাবলৈ অসমৰ চৰকাৰে অন্যতম পন্থা হিচাপে লৈছে । মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে নিৰ্বাচন কৰি লৈছে জনসাধাৰণৰ দুৰ্বলতা থকা আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰী । সেই উদ্দেশ্যে অসম চৰকাৰে প্ৰথমে বৃদ্ধি কৰিলে সুৰাৰ মূল্য (Liquor price hike in Assam) । সেইবিধ সামগ্ৰীৰ প্ৰতি বহু লোকৰে আছে দুৰ্বলতা আৰু দাম বৃদ্ধি হ’লেও সুৰাপায়ীয়ে সুৰাপান নকৰাকৈ নাথাকে ।
সেয়ে বৰ্ধিত মূল্যৰ সুৰাৰ সৈতে সমানুপাতিকভাৱে বৃদ্ধি হোৱা কৰেৰে ৰাজ্যৰ ৰাজকোষৰ শক্তি বৃদ্ধি হোৱাতো নিশ্চিত। সুৰাৰ পাছত এইবাৰ ৰাজ্য চৰকাৰে চকু দিছে বিদ্যুতৰ ওপৰত । য’ত চৰকাৰে হাত দিলেও অসহায় জনসাধাৰণে বৰ্ধিত মাচুল ভৰিবলৈ বাধ্য । সেই উদ্দেশ্য সন্মুখত লৈ বিজেপি চৰকাৰখনে ৰাজ্যত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ( Assam government to hike electricity price) । বিগত দুটা বিত্তীয় বৰ্ষত লোকচানৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰে প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে প্ৰায় ২৭ শতাংশ মাচুল বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে (Government aims to collect revenue by increasing electricity tariff) ।
সাম্প্ৰতিক মূল্যতকৈ প্ৰতি ইউনিট বিদ্যুতৰ ক্ষেত্ৰত দুটকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ উত্থাপন কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ এ পি ডি চি এলে । প্ৰতি ইউনিটত দুটকাকৈ বৃদ্ধি কৰিলে সেয়া হ’ব সাম্প্ৰতিক মাচুলৰ তুলনাত ২৬.৪৯ শতাংশ বৃদ্ধি । এই ক্ষেত্ৰত এ পি ডি চি এলে কোনো খণ্ডকে ৰেহাই দিব খোজা নাই । অৰ্থাৎ চৰকাৰী আঁচনিৰ জৰিয়তে কম হাৰত বিদ্যুৎ লাভ কৰি থকা হিতাধিকাৰী আৰু আনকি কৃষিক্ষেত্ৰৰ বাবে ৰেহাই মূল্যত যোগান ধৰা বিদ্যুতৰ মাচুলো বৃদ্ধি কৰিবলৈ এ পি ডি চি এলে প্ৰস্তাৱ সাজু কৰি অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰিছে ।