অসম

assam

ETV Bharat / state

দেওবাৰে বিয়লি পৰ্যন্ত ৰাজ্যৰ 19 খন জিলা বানৰ কবলত

হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ মাজত ৷ বৰ্তমান 110 গৰাকী লোকে বানৰ ফলত মৃত্যুক আকোঁৱালি লৈছে ৷ 8,54,235 গৰাকী লোক আজিও বানৰ কবলত ৷

assam-flood-update
দেওবাৰে বিয়লি পৰ্যন্ত ৰাজ্যৰ 19 খন জিলা বানৰ কবলত

By

Published : Aug 2, 2020, 9:21 PM IST

নিউজ ডেস্ক,2 আগষ্টঃ ৰাজ্যৰ শেহতীয়া বানত এতিয়াও প্ৰভাৱতি হৈ আছে বহুকেইখন জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ দেওবাৰে বিয়লি পৰ্যন্ত ৰাজ্য খনৰ 19খন জিলাৰ ভিতৰত ধেমাজী, লখিমপুৰ, বিশ্বনাথ ,বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ জিলা বানৰ কৱলত আছে ৷

ইপিনে ৰাজ্যখনৰ মুখ্য নৈ ব্ৰহ্মপুত্ৰ যোৰহাট, তেজপুৰ, ধুবুৰীত বিপদ সীমাৰ ওপৰে বৈ আছে ৷ গোলাঘাটত ধনশিৰি, শোণিতপুৰত জীয়াভৰলী , নগাঁৱত কপিলি, বৰপেটাত বেকী আৰু ধুবুৰীত সোণকোষ নদী বিপদসীমাৰ ওপৰে আজিও বৈ আছে ৷ ৰাজ্য খনৰ 49 টা ৰাজহ চক্ৰ এলেকাৰ 1,087 খন গাঁও সম্প্ৰতি বানৰ কবলত আছে ৷ 51,769,89 হেক্টৰ কৃষিভূমি বানত অনিষ্ট হোৱাৰ লগতে 8,54,235 গৰাকী লোক বানৰ কবলত ক্ষতিগ্ৰস্ত হৈছে ৷ ৰাজ্য চৰকাৰে 149 টা আশ্ৰয় শিৱিৰ স্থাপন কৰি বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰি আহিছে ৷ বৰ্তমান ৰাজ্যত 110 গৰাকী লোকে বানৰ ফলত মৃত্যুক আকোঁৱালি লোৱাৰ তথ্য চৰকাৰী ভাবে পোৱা গৈছে ৷

লগতে পঢ়কঃ বৰলীয়া নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

ABOUT THE AUTHOR

...view details