অসম

assam

ETV Bharat / state

Assam flood 2023:ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ - বানত পুনৰ এজনৰ প্ৰাণহানী

বানত পুনৰ এজনৰ প্ৰাণহানী, মৃতকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি, এক লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত ৷

assam flood 2023
বানৰ সংহাৰী ৰূপ

By

Published : Jul 17, 2023, 10:24 PM IST

গুৱাহাটী, 17 জুলাই :ৰাজ্যজুৰি অব্যাহত আছে আহাৰমহীয়া বানৰ তাণ্ডৱ । ঘৰৰ ভিতৰত একাঠুৰপৰা একঁকাল পানী । শোৱা-খোৱাকে ধৰি খোৱাপানীৰ সমস্যাৰ সন্মুখীন হৈছে বন্যাক্ৰান্ত ৰাইজ । বন্যাৰ্তৰ সমান্তৰালকৈ বাসস্থান আৰু খাদ্য সংকটত ভুগিছে পশুধনসমূহে । একাংশ বন্যাক্ৰান্তই শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ বিপৰীতে বহু বন্যাক্ৰান্ত লোকে পৰিয়ালসহিতে পশুধনক লগত লৈ ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

বাঢ়নী পানীয়ে বাট-পথসমূহ বুৰাই পেলোৱাত যাতায়াতৰ ক্ষেত্ৰতো ৰাইজে যমৰ যাতনা ভুগিব লগীয়া হৈছে । ভূটানৰ কুৰিশু নদীবান্ধৰ এৰি দিয়া অতিৰিক্ত পানীয়ে নামনি অসমত তাণ্ডৱ চলাব পাৰে বুলি শংকা কৰা হৈছিল যদিও নামনিত থকা নৈ কেইখনৰ পানী সম্প্ৰতি বিপদসীমাৰ তলেৰে বৈ আছে । অৱশ্যে ধুবুৰী, তেজপুৰ, নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদী আৰু দিচাং নৈ আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

বান বিভীষিকাৰ মাজত বিভিন্ন স্থানত নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে । ইপিনে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সোমবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে শেহতীয়াকৈ বানত শিৱসাগৰত এজন লোকৰ মৃত্যু হৈছে । এতিয়ালৈকে বানত মুঠ আঠগৰাকী লোকৰ মৃত্যু হৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, ৰাজ্যৰ ১৭ খন জিলাৰ ৩২ টা ৰাজহ চক্ৰৰ ৪৪১খন গাঁও বর্তমানে বানৰ কৱলত পৰিছে ।

বানৰ ফলত প্ৰভাৱিত হৈছে ১ লাখ ১১ হাজাৰ ২৫৮ জন লোক । শিৱসাগৰ (২৭,৬৪১), ধেমাজি (২৫,৭৩০), গোলাঘাট (৩১,৫৪০) আৰু মাজুলী (১১,৯৭১)ত অধিক জনসংখ্যা প্ৰভাৱিত হৈছে । ৰাজ্যৰ চাৰিখন জিলাত স্থাপন কৰা ২২ টা আশ্ৰয় শিবিৰত ২,৪৭৫ জন বন্যার্তই সম্প্ৰতি আশ্ৰয় লৈ আছে ।

কেন্দ্ৰীয় জল আয়োগে আজি বিয়লি প্ৰকাশ কৰা তথ্য অনুসৰি যোৰহাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰুগড়ত বুঢ়ীদিহিং নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে । আনহাতে, গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ১৯ জুলাইলৈকে অসমত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ লগতে কোনো কোনো অঞ্চল প্ৰবল বৃষ্টিপাতৰ কৱলত পৰাৰ সম্ভাৱনা আছে বুলি বতৰৰ আগলি বতৰা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Assam flood situation worsens : ধেমাজিত হ্ৰাস পাইছে জীয়াঢলৰ পানী

ABOUT THE AUTHOR

...view details