গুৱাহাটী, ১৫ জুন:কেনেকৈ চলিছে ৰাজ্যৰ শিক্ষা বিভাগ ? অম্বুবাচী মেলাত শিক্ষকক দায়িত্ব দিব বিচৰা কাৰ্যক লৈ এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে ৷ শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এখন জাননী দি ৩১ খন বিদ্যালয়ৰ পৰা অম্বুবাচী মেলাৰ দায়িত্ব দিবলৈ শিক্ষক বিচাৰি পত্ৰ প্ৰেৰণ কৰে ৷ তথ্য-প্ৰমাণসহ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হয় এই বিষয়ক লৈ ৷ আনহাতে, বিষয়টোক লৈ অস্বস্তিত পৰা চৰকাৰৰ খোদ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে কয়, মিছা বাতৰি এয়া । ৰাজ্যৰ শিক্ষা বিভাগত বিষয়া-মন্ত্ৰীৰ মাজত যেন নাই কোনো সমন্বয় ৷
ভুল কোন ? সংবাদ মাধ্যমত তথ্যসহ প্ৰকাশিত বাতৰি ভুল নে মন্ত্ৰী ৰণোজ পেগু :
প্ৰথমে কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ হ’বলগীয়া অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা নাপাতিবলৈ গুৱাহাটীৰ স্কুলসমূহক নিৰ্দেশ ৷ তাৰ পাচত যোৱা ১২ জুনত কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে অম্বুবাচী মেলাৰ কামত লগাবলৈ ৩১ খন বিদ্যালয়ৰ শিক্ষকক বিচাৰি পত্ৰ প্ৰেৰণ কৰে ৷ অসম চৰকাৰৰ নিৰ্দেশত শিক্ষা বিভাগে এই জাননী জাৰি কৰে । শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰিবলৈ লোৱা এই সিদ্ধান্তৰ ফলত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে সমালোচিত হয় ৷
ইতিপূৰ্বে চৰকাৰৰ নিৰ্দেশত ২১ জুনৰ পৰা ২৭ জুনৰ ভিতৰত বিদ্যালয়ৰ কোনো পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ (মহানগৰ) বিদ্যালয় সমূহৰ পৰিদৰ্শকে নিৰ্দেশ জাৰি কৰিছিল । লগতে ১২ জুনত পুনৰ ৩১ খন বিদ্যালয়লৈ নিৰ্দেশ জাৰি কৰি প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৫ জন আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৩ জনকৈ শিক্ষকক অম্বুবাচী মেলাৰ দায়িত্ব পালনৰ বাবে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হয় ।
ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা আৰু পাঠদান বন্ধ কৰি চৰকাৰে অনাশৈক্ষিক কামত শিক্ষকক ব্যৱহাৰ কৰা বিষয়টোৱে ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটায় । কিন্তু এই সকলো বিষয় শিক্ষা বিভাগৰ পত্ৰসহ তথ্য-প্ৰমাণৰে প্ৰকাশ হোৱা বাতৰিসমূহ ইতিমধ্যে অস্বীকাৰ কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷