অসম

assam

ETV Bharat / state

যুৱ উদ্যোগপতিক সুদ নোহোৱাকৈ দুই লাখ টকাৰ ঋণ দিব ডাউন টাউন বিশ্ব বিদ্যালয়ে

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় 'DTVL Ideation-A Platform for early stage startups' শীৰ্ষক এক অনুষ্ঠান । অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ Venture Lab ৰ পৰা কোনোধৰণৰ সুদ নোহোৱাকৈ দুই লাখ টকাৰ ঋণ প্ৰদান কৰিব যুৱ উদ্যোগীক ৷

By

Published : Oct 5, 2021, 4:55 PM IST

Assam Down town University Venture Lab to provide interest free loans
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ Venture Lab য়ে প্ৰদান কৰিব সুদবিহীন ঋণ

গুৱাহাটী, ৫ অক্টোবৰ :মহানগৰীৰ পানীখাইতিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় 'dtVL Ideation-A Platform for early stage startups' শীৰ্ষক এক অনুষ্ঠান । মঙলবাৰে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান । প্ৰতিগৰাকী নতুনকৈ উদ্ভাৱনৰ লগত জড়িত উদ্যোগপতিক এখন উচিত প্লেটফৰ্ম দিয়াৰ উদ্দেশ্য অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী ।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ Venture Lab য়ে প্ৰদান কৰিব সুদবিহীন ঋণ

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ Venture lab ৰ উদ্যোগত এই অনুষ্ঠানটি অনুষ্ঠিত হয় । অনুষ্ঠানটোৰ বাবে ৰাজ্যৰ মুঠ ৩৩ গৰাকী নতুনকৈ আৰম্ভ কৰা উদ্যোগপতিয়ে আবেদন কৰিছিল যদিও ১৮ গৰাকী লোকক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰে কৰ্তৃপক্ষই ।

উল্লেখ্য যে, এই অনুষ্ঠানৰ অন্তত নতুনকৈ আৰম্ভ কৰা যুৱ উদ্যোগিক অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ Venture Lab ৰ পৰা কোনোধৰণৰ সুদ নোহোৱাকৈ দুই লাখ টকাৰ ঋণ প্ৰদান কৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

লগতে পঢ়ক:লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details