অসম

assam

Assam aims to set Guinness World Record: সৰুসজাইত চলি থকা বিহু আখৰাৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে

বুধবাৰে বিয়লি মহানগৰীৰ সৰুসজাইত চলি থকা বিহুৰ আখৰাৰ বুজ ল'বলৈ উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা (Bihu practice at Sarusajai stadium) ৷ বহুকেইগৰাকী গণ্যমাণ্য প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত বিহুৱা বিহুৱতীৰ বিহু নাচ উপভোগ কৰিলে সপত্নীক মুখ্যমন্ত্ৰীয়ে ।

By

Published : Mar 2, 2023, 9:43 AM IST

Published : Mar 2, 2023, 9:43 AM IST

bihu practice
বিহু আখৰা

বিহু আখৰা

গুৱাহাটী, ১ মাৰ্চ:সৰুসজাইত জোৰদাৰ গতিত চলিছে বিহুৰ আখৰা ৷ বুধবাৰে আখৰাস্থলীত উপস্থিত হৈ বিহুৰ আখৰাৰ বুজ লোৱাৰ লগতে বিহু নাচৰো উপভোগ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM visits the Bihu rehearsal) ৷ তেওঁৰ লগত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকে আদি কৰি বহুকেইগৰাকী চৰকাৰী বিষয়া ।

উল্লেখযোগ্য যে, আগন্তুক ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে ১১ হাজাৰ বিহুৱা আৰু বিহুৱতীয়ে বিহুনাচ পৰিবেশন কৰি নাম অন্তৰ্ভুক্ত কৰিব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত । এই লক্ষ্যৰে ১৪ এপ্ৰিলত সৰুসজাইত ১১,১৪০ গৰাকী শিল্পীয়ে পৰিবেশন কৰিব বিহুনাচ । য’ত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

প্ৰধানমন্ত্ৰীৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনোৱা হ’ব । এনে এক বৃহৎ কাৰ্যসূচী সফলভাৱে আয়োজনৰ উদ্দেশ্যে বুধবাৰে সৰুসজাইত চলি থকা বিহুৰ আখৰাৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে শিল্পীসকলক উৎসাহ যোগোৱা দেখা গ’ল । জানিব পৰা অনুসৰি আজি অন্ত পৰিব বহকেইগৰাকী বিশিষ্ট প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত বিহুনাচৰ এই চাৰিদিনীয়া প্ৰশিক্ষণ ।

আখৰা প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই বিশেষ প্ৰশিক্ষণ সমাপ্ত কৰি প্ৰশিক্ষকসকলে নিজ নিজ জিলালৈ গৈ বিহুৱা বিহুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব (Bihu practice at Sarusajai stadium) । ১৪ এপ্ৰিলৰ দিনা আবেলিলৈ এই মূল অনুষ্ঠানটো হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে সেয়া প্ৰধানমন্ত্ৰীৰ সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰিব ।

ভাৰতৰ সকলো টেলিভিছন চেনেলতে পোনপটীয়া সম্প্ৰচাৰ হ'ব এই অনুষ্ঠানৰ । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনুষ্ঠানটোৰ বিপৰীতে যিহেতু সৰুসজাই ঠাইডোখৰ সৰু হ’ব, সেয়েহে অনুষ্ঠান পৰিবেশনৰ দিনা সকলো লোককে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব সৰুসজাই ষ্টেডিয়ামত । তথাপি ১২ হাজাৰ মানুহ প্ৰৱেশ কৰিব পাৰিব মূল অনুষ্ঠান অনুষ্ঠিত হোৱাৰ দিনটোত । এই মূল অনুষ্ঠানত অংশগ্ৰহণ কৰা বিহুৱা বিহুৱতী সকলক সাজপাৰৰ বাবে তিনি হাজাৰ টকা প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে । লাচিতৰ ৰচনাৰ পাছতে দ্বিতীয়টো বিশ্ব ৰেকর্ড হ'ব এই অনুষ্ঠান ।

লগতে পঢ়ক :Sarbanada Sonowal on Traditional Medicine: বিশ্বজুৰি আয়ুষৰ বজাৰ ২২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, সোণোৱাল

ABOUT THE AUTHOR

...view details