গুৱাহাটী, 20 ফেব্ৰুৱাৰী :বিশিষ্ট সমাজ সংগঠক, উদ্যোগপতি তথা প্ৰশাসক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য শনিবাৰে নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় ৷ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই(Assam CM attended Dipak borthakur Funeral) তেখেতৰ নশ্বৰ দেহত মাল্যাৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে ৷ শেষকৃত্য অনুষ্ঠানত অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিষয়া তথা অসংখ্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
প্ৰয়াত দীপক কুমাৰ বৰঠাকুৰলৈ শেষ শ্ৰদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিশিষ্ট সমাজ সংগঠক তথা প্ৰশাসকগৰাকীৰ বিয়োগ ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷ তেওঁ প্ৰয়াত বৰঠাকুৰে ৰাজ্যখনৰ উদ্যমিতা আৰু ঔদ্যোগিক বিকাশৰ দিশলৈ আগবঢ়োৱা বৰঙণিৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷