নিউজ ডেস্ক, 9 জানুৱাৰী: জ্যেষ্ঠ প্ৰশাসনিৰ বিষয়া সমীৰ কুমাৰ সিনহাক ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ বৃহৎ ৰদ-বদল অনুসৰি সিনহাক উক্ত দায়িত্বভাৰ দিয়া হয় । কৰ্মচাৰী মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি প্ৰতিৰক্ষা বিভাগৰ অতিৰিক্ত সচিব আৰু সঞ্চালক প্ৰধান (অধিগ্ৰহণ) হিচাবে তেওঁৰ নিযুক্তিক কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন জনায় ।
1998 বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে এই পৰ্যন্ত অসম-মেঘালয় কেডাৰত কৰ্মৰত হৈ আছিল ৷ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াগৰাকী শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব হিচাবে নিযুক্ত আছিল ৷ তাৰ পূৰ্বে তেওঁক অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মুখ্য সচিব হিচাবে নিযুক্তি দিয়া হৈছিল ।
ইফালে কেন্দ্ৰৰ বৃহৎ ৰদ-বদল অনুসৰি হিমাচল প্ৰদেশ কেডাৰৰ 1995-বেটচৰ আইএএছ বিষয়া ভাৰত হৰবংশলাল খেৰাক উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব হিচাবে নিযুক্তি দিয়া হৈছে । সমান্তৰালকৈ চন্দ্ৰ ভূষণ কুমাক অতিৰিক্ত সচিবৰ আৰু লগতে খোৱাপানী আৰু অনাময় বিভাগৰ অন্তৰ্গত জল জীৱন মিছনৰ মিছন সঞ্চালক হিচাবে নিযুক্তি দিয়া হৈছে ।