গুৱাহাটী, 12 জুলাই : সোমবাৰৰ পৰা আৰম্ভ হৈছে পঞ্চদশ অসম বিধানসভা (Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন (Budget Session) । সম্পূৰ্ণ এমাহজুৰি চলিবলগীয়া এই অধিৱেশনতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Dr Himanta Biswa Sarma)ৰ চৰকাৰে দাখিল কৰিব প্ৰথমখন পূৰ্ণাংগ বাজেট । 16 জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগ (Finance Minister Ajanta Neog)য়ে 2021-22 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব বিধানসভাত । মন কৰিবলগীয়া যে, অজন্তা নেওগেই হ’ব বাজেট দাখিল কৰা অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী ।
আনহাতে, এমাহজোৰা বাজেট অধিৱেশনত দাখিল হ’ব বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক (Bill) । ইয়াৰে দুখন বিধেয়কক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক মহলত তীব্ৰ বাদানুবাদ আৰু মতানৈক্য । এই বিধেয়ক দুখন হৈছে- জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আৰু গো সুৰক্ষা বিধেয়ক । ইফালে বিধানসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)য়ে এইবাৰৰ অধিৱেশনত কেতবোৰ কঠোৰ নিয়ম মানি চলা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ।