অসম

assam

ETV Bharat / state

অসমৰ বাবে সুকীয়া ৰেলমণ্ডল গঠন কৰাৰ দাবী উত্থাপণ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

অসমৰ বাবে গঠন কৰক সুকীয়া ৰেলমণ্ডল লগতে অসমৰ নিবনুৱা যুৱক যুৱতীক দিয়ক ৮০% নিযুক্তিৰ দাবী অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লগতে বহু কেইটা সহকাৰী সংগঠন ৷

By

Published : Aug 30, 2019, 7:03 AM IST

অসমৰ বাবে সুকীয়া ৰেলমণ্ডল গঠন কৰাৰ দাবী উত্থাপণ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

গুৱাহাটী, 29 আগষ্ট :উত্তৰ পূৱ ৰে'লৱে নহয়, অসমৰ বাবে গঠন কৰক সুকীয়া ৰেলমণ্ডল । লগতে অসমৰ নিবনুৱা যুৱক যুৱতীক দিয়ক ৮০% নিযুক্তি । এই দাবী অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লগতে সহকাৰী সংগঠন বীৰ লাচিত সেনা,জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি,ভূমি অধিকাৰ সংগ্ৰাম সমিতিকে ধৰি বহু কেইটা সংগঠনৰ । গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে সংগঠনকেইটাই । সংবাদমেলত সংগঠন কেইটাই দাবী উত্থাপন কৰে যে ৰেল বিভাগৰ প্ৰশ্ন কাকতত ৫০% অসমীয়া ভাষাত হব লাগিব । ইয়াৰ উপৰিও ব্যৱসায়িক স্বাৰ্থত পাণ্ডু পৰ্টটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰো দাবী তোলে । লগত আৰ আৰ বি এন এফৰ মুখ্য কাৰ্যালয়টো গুৱাহাটীলৈ অনাৰ দাবী জনায় ৰেল বিভাগক । কিয়নো ৰেলৱে অন্য ৰাজ্যৰ তুলনাত অসমৰ যুৱক যুৱতীয়ে নিযুক্তিৰ ক্ষেত্ৰত বৈষম্যৰ বলি হৈ আহিছে বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details