গুৱাহাটী, 11 অক্টোবৰঃ এসময়ত অগপ ত্যাগ কৰি কংগ্ৰেছলৈ ঢাপলি মেলা তিনি শীৰ্ষ নেতাই শীঘ্ৰে পুনৰ অগপলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি ওলোৱা খবৰে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি ৷ বিশেষকৈ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এনে খবৰ তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে ৷ ইয়াৰ মাজতে বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ মুখ্য মুখপাত্ৰৰ দায়িত্বত থকা অপূৰ্ব ভট্টাচাৰ্যই এনে সম্ভাৱনা সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে ৷
"কংগ্ৰেছ এৰি অগপলৈ নাযাও" : অপূৰ্ব ভট্টাচাৰ্য
সম্প্ৰতি সোণাৰি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অপূৰ্ব ভট্টাচাৰ্যই অগপত যোগদানৰ বাতৰিক নস্যাৎ কৰি সোণাৰিৰ পৰাই এটা ভিডিঅ' সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে ৷ উক্ত ভিডিঅ’টোত তেখেতে কয় যে, এতিয়াও প্ৰদেশ কংগ্ৰেছৰ বিষয়বাব লৈ থকা আৰু নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা তেওঁ পুনৰ অগপলৈ ঘুৰি যোৱাৰ কোনো পৰিকল্পনা কৰা নাই ৷
সম্প্ৰতি সোণাৰি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অপূৰ্ব ভট্টাচাৰ্যই স্পষ্টীকৰণ দাঙি ধৰি সোণাৰিৰ পৰাই এটা ভিডিঅ' সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে ৷ উক্ত ভিডিঅ’টোত তেখেতে কয় যে, এতিয়াও প্ৰদেশ কংগ্ৰেছৰ বিষয়বাব লৈ থকা আৰু নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা তেওঁ পুনৰ অগপলৈ ঘুৰি যোৱাৰ কোনো পৰিকল্পনা কৰা নাই ৷ এইক্ষেত্ৰত তেখেতে সংবাদ মাধ্যমসমূহে কোনো উচিত তদন্ত নকৰাকৈ আৰু এই বিষয়ে তেখেতৰ বক্তব্য গ্ৰহণ নকৰাকৈয়ে উৰাবাতৰিৰ ভিত্তিত অগপত যোগদানৰ বাতৰি প্ৰকাশ কৰা বুলি তীব্ৰ সমালোচনা কৰে ৷