অসম

assam

APCC slams BJP: জনতা ভৱনৰ এচিসমূহ খুলি পেলাবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:45 PM IST

জনতা ভৱনত তথা কাৰ্যালয়ত থকা এচিসমূহ খুলি পেলাবলৈ মন্ত্রী পীযুষ হাজৰীকাক আহ্বান প্ৰদেশ কংগ্ৰেছৰ ৷ ২০২৬ চনত কংগ্ৰেছ দল জনতাৰ মনত বহিব সেয়া নিশ্চিত । মন্ত্রী হাজৰীকাই জনতা ভৱন আৰু কাৰ্যালয়ৰ এচিসমূহ খুলি দিলে কংগ্ৰেছে শাসনলৈ আহি পুনৰাই এচি নলগায় বুলি দাবী দলটোৰ ।

Assam Congress challenges to Pijush Hazarika
মন্ত্রী পীযুষ হাজৰিকাক প্ৰত্যাহ্বান প্ৰদেশ কংগ্ৰেছৰ

মন্ত্রী পীযুষ হাজৰিকাক প্ৰত্যাহ্বান প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী, ২৩ আগষ্ট: শাসক-বিৰোধীৰ বিভিন্ন পক্ষৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । এইবাৰ মন্ত্রী পীযুষ হাজৰীকাক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে । কংগ্ৰেছক কৰা সমালোচনাৰ প্ৰত্যুত্তৰত বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতাই মন্ত্রী পীযুষ হাজৰীকাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

মন্ত্রী হাজৰীকাক কটাক্ষ কৰি তেওঁ কয়, ২০২৬ চনত কংগ্ৰেছ দল জনতাৰ মনত বহিব সেয়া নিশ্চিত । জনতা ভৱনত থকা এচিৰ বতাহ কংগ্ৰেছে খাব নালাগে বুলি ভাবিছে যদি আজিয়েই জনতা ভৱনত তথা কাৰ্যালয়ত থকা এচিসমূহ খুলি পেলাবলৈ তেওঁ মন্ত্রীগৰাকীৰ প্ৰতি আহ্বান জনায় । মুখ্যমন্ত্রী আৰু মন্ত্রীকে ধৰি বিধানসভাৰ অধ্যক্ষৰ বাসগৃহত থকা ২২টাকৈ এচি খুলি পেলাবৰ বাবেও তেওঁ আহ্বান জনায় ।

তেওঁ মন্ত্রী পীযুষ হাজৰীকাক প্ৰত্যাহ্বান জনাই কয় যে যদিহে এচিসমূহ খুলি দিয়ে তেন্তে কংগ্ৰেছে শাসনলৈ আহি পুনৰাই এচি নলগায় । এচিৰ নামত কংগ্ৰেছে ৰাইজৰ ধনৰ শৰাধ নকৰে । বিজেপি নেতাৰ বহু কথাই জানো বুলি সদৰী কৰি তেওঁ কয় যে মন্ত্রী পীযুষ হাজৰীকাই ৭০ লাখ টকীয়া গাড়ীত ঘূৰা তথা ৪০ হাজাৰ টকীয়া পোছাক পিন্ধাৰ কথা সকলোৱে জানে ।

বিজেপিৰ মন্ত্রী-নেতাসকলে কিদৰে বিলাসীকতাৰ জীৱন কটাই সেই কথা অসমৰ ৰাইজে জানে বুলি তেওঁ কয় । মন্ত্রী পীযুষ হাজৰীকাৰ কাৰ্যালয়কে ধৰি সতীৰ্থ মন্ত্রীসকলৰ কাৰ্যালয়ত কংগ্ৰেছ দলৰ মন্ত্রী বহিব বুলি সদৰী কৰি তেওঁ মন্ত্রী পীযুষ হাজৰীকাক কংগ্ৰেছে যদি এচিৰ বতাহ ল'ব নালাগে ভাবিছে তেন্তে এচিসমূহ খুলাৰ ব্যৱস্থা কৰক বুলি কটাক্ষ কৰে ।

লগতে পঢ়ক:Pijush Hazarika on Gaurav Gogoi: আজমলৰ অনুগ্ৰহত কলিয়াবৰৰ পৰা সাংসদ হৈছিল গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details