দলগাঁও, 28 ছেপ্তেম্বৰ: অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী তথা দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা ছৈয়দা আনোৱাৰা টাইমূৰৰ দেহাৱসান ৷ সোমবাৰে অষ্ট্ৰেলিয়াস্থিত পুত্ৰৰ বাসগৃহত বাঢক্যজনিত কাৰণত মৃত্যু হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ এই বাতৰিয়ে এতিয়া মৰ্মাহত কৰি তুলিছে ৰাজ্যবাসীক ৷ উল্লেখ্য যে, 1978 ,1983 আৰু 1991 চনত দলগাঁও সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল আনোৱাৰা টাইমূৰ ৷ আনহাতে 1980 চনৰ 6 ডিচেম্বৰত তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰি প্ৰায় সাত মাহ কাল কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ ওপৰিও শৰৎ চন্দ্ৰ সিংহৰ মন্ত্ৰী সভাত তেঁও শিক্ষা মন্ত্ৰীৰ পদ শুৱনি কৰাৰ লগতে কৃষিমন্ত্ৰী ও গড়কাপ্তানী মন্ত্ৰীৰ পদো শুৱনি কৰিছিল ।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ দেহাৱসান
সোমবাৰে পুত্ৰৰ অষ্ট্ৰেলিয়াস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
উল্লেখযোগ্য যে, তিনিবাৰকৈ দলগাঁও সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সমষ্টিবাসীৰ সুবিধাৰ্থে খাৰুপেটীয়াৰ হাস্পতাল ৰোডত বাসভৱন নিৰ্মাণ কৰি ৰাজনৈতিক কাম কাজ চলাই গৈছিল । আনোৱাৰা টাইমূৰৰ কাৰ্যকালত বহু নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰাৰ লগতে বহু উন্নয়ন হৈছিল দলগাঁও সমষ্টিৰ ৷ এসময়ৰ এই গৰাকী প্ৰভাৱশালী ছৈয়দা আনোৱাৰা টাইমূৰৰ মৃত্যুৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে দলগাঁও সমষ্টিৰ কংগ্ৰেছ কৰ্মী সকলৰ মাজত ৷
লগতে পঢ়কঃ বিজয়নগৰত চোৰাং চাউলভৰ্তি ট্ৰাক জব্দ