অসম

assam

ETV Bharat / state

প্ৰতিবাদত বহিল ৰাজ্যৰ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা

বিজেপি চৰকাৰ হায় হায় ধ্ৱনিৰে অৱস্থান ধৰ্মঘট

প্ৰতিবাদত বহিল ৰাজ্যৰ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা

By

Published : Feb 22, 2019, 3:03 PM IST

প্ৰতিবাদত বহিল ৰাজ্যৰ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : বিজেপি চৰকাৰ হায় হায় ধ্ৱনিৰে প্ৰতিবাদ সাব্যস্থ অসম ৰাজ্যিক অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা । শুকুৰবাৰে অসম ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ সন্মুখত সহায়িকা কৰ্মীলৈ পদোন্নতি আৰু অৱসৰকালীন সুবিধা বিচাৰি অৱস্থান ধৰ্মঘটত বহিল অসম ৰাজ্যিক অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা । অঙ্গনৱাদী কৰ্মী সকলক ৫০০০ টকা লগতে সহায়িকা সকলৰ বাবে ৩৫০০ টকা মাহিলী অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে দিয়া লগতে অৱসৰৰ সময়ত এক কালীন সাহাৰ্য্য প্ৰদানৰ দাবীৰে প্ৰতিবাদত বহিল ৰাজ্যৰ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থা । ২০১৭ চনৰ পৰা দাবী জনাই আহিছে যদিও এতিয়ালৈকে ৰাজ্য চৰকাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ প্ৰতিবাদী কৰ্মীসকলৰ । লগতে ২০১৩ চনতে কেন্দ্ৰীয় চৰকাৰে অঙ্গনৱাদী কৰ্মীসকলক বৰ্ধিত ৭৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ নকৰাৰ অভিযোগ অঙ্গনৱাদী কৰ্মী আৰু সহায়িকা সন্থাৰ ।

ABOUT THE AUTHOR

...view details