অসম

assam

ETV Bharat / state

স্বৈৰাচাৰিতাৰ সকলো সীমা পাৰ কৰিছে বিজেপিয়ে: অখিল গগৈ

শাসকীয় বিজেপি দলে স্বৈৰাচাৰিতাৰ সকলো সীমা অতিক্ৰম কৰাৰ অভিযোগ কৃষক নেতা অখিল গগৈৰ ৷ অসম আৰু অসমীয়াৰ হকে মাত মাতিবলৈ নিজৰ আঞ্চলিক দল জন্ম দিয়া চিন্তা চৰ্চা আগবঢ়োৱাৰ কথা উল্লেখ কৃষক নেতাৰ ৷

স্বৈৰাচাৰীতাৰ সকলো সীমা পাৰ কৰিছে বিজেপিয়ে: অখিল

By

Published : Aug 9, 2019, 5:08 PM IST

গুৱাহাটী, 9 আগষ্ট : সম্প্ৰতি নানা সমস্যাৰে ভাৰাক্ৰান্ত অসম । এই সময়চোৱাত অসম আৰু অসমীয়াৰ হকে মাত মাতিবলৈ প্ৰয়োজন আঞ্চলিক শক্তিৰ । কিয়নো ৰাজ্যৰ সমস্যা সদায়ে অগ্ৰাহ্য় কৰি আহিছে দিল্লীয়ে । এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ ৷ শাসকীয় বিজেপি দলে স্বৈৰাচাৰিতাৰ সকলো সীমা পাৰ কৰি দিয়া বুলিও কয় গগৈয়ে । ইফালে, বৰ্তমান অসমত থকা আঞ্চলিক শক্তিয়ে ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই । যি সময়ত অসমৰ সমস্যাক লৈ দিল্লীক হেঁচা প্ৰয়োগ কৰি ৰাইজৰ সমস্যা সমাধানৰ পথ উলিয়াব লাগিছিল ঠিক তেনে সময়ত অসমৰ আঞ্চলিক শক্তিসমূহ নিঃশেষ হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত এটা সঁচা অৰ্থত আঞ্চলিকবাদী চিন্তাধাৰাৰ দল প্ৰয়োজন হৈ পৰিছে।

স্বৈৰাচাৰীতাৰ সকলো সীমা পাৰ কৰিছে বিজেপিয়ে: অখিল

আনহাতে অসম আৰু অসমীয়াৰ হকে মাত মাতিবলৈ নিজৰ আঞ্চলিক দল জন্ম দিয়া চিন্তা চৰ্চা আগবঢ়োৱাৰ কথা উল্লেখ কৰে কৃষক নেতা অখিল গগৈয়ে ।

ABOUT THE AUTHOR

...view details