গুৱাহাটী, ২ মে’:সাংসদ পুঁজি ব্যয়ৰ ক্ষেত্ৰত হোৱা কেলেংকাৰী সম্পৰ্কীয় গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে মঙলবাৰৰ পৰা আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ অংশ হিচাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে মঙলবাৰে দুগৰাকী সাক্ষীৰ সাক্ষ্য প্ৰমাণ গ্ৰহণ কৰে ৷ উল্লেখ্য যে সাংসদ পুঁজি ব্যয়ৰ নামত হোৱা দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত ২৫ এপ্ৰিলত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষ তথা চি এম ভিজিলেন্সে গোচৰ ৰুজু কৰিছিল (Ajit Bhuyan MPLAD Fund Scam) ৷
প্ৰাথমিক তদন্তৰ অন্তত চি এম ভিজিলেন্সে গৃহ বিভাগৰ অনুমোদন সাপেক্ষে ৭ কোটি টকীয়া সাংসদ পুঁজিৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত সাংসদ অজিত ভূঞাসহ মুঠ ১৪ জন অভিযুক্তৰ বিৰুদ্ধে ২/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰিছিল (FIR against Assam MP Ajit Bhuyan) ৷ উল্লেখ্য যে, এই কেলেংকাৰীৰ মূল অভিযুক্তৰ তালিকাত সাংসদগৰাকীৰ উপৰিও আছে ঠিকাদাৰ আৰু চাৰিগৰাকী এ চি এছ বিষয়া (Assam MP fund scam case) ৷
অভিযুক্তসকলৰ অন্যতম হৈছে নিলম্বিত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰা, সুকন্যা বৰা, হেমন্ত কুমাৰ দত্ত আৰু মুনীন্দ্ৰ বৰদলৈ ৷ তদুপৰি ঠিকাদাৰ অৰূপ কলিতাৰ উপৰি আন ৮ জন লোককো অভিযুক্ত কৰিছে চি এম ভিজিলেন্সে (Case against Assam Bureaucrats) ৷
মঙলবাৰৰ পৰা গোচৰটোৰ জেৰা আৰম্ভ কৰাৰ বাবে ইতিমধ্যে চি এম ভিজিলেন্সে অভিযুক্ত চাৰিগৰাকী এ চি এছ বিষয়ালৈ জাননী জাৰি কৰিছিল ৷ আনহাতে, সাংসদ অজিত কুমাৰ ভূঞালৈ প্ৰেৰণ কৰিছিল পত্ৰ ৷ লক্ষ্যণীয় বিষয় যে, গোচৰটোৰ চাৰিগৰাকী এ চি এছ বিষয়াসহ ১৪ জন অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে (RS MP Ajit Bhuyan case) ৷
জানিব পৰা মতে, আজি চি এম ভিজিলেন্সত অভিযুক্ত চাৰিগৰাকী নিলম্বিত এ চি এছ বিষয়া উপস্থিত নহ’ল ৷ ইয়াৰ বিপৰীতে আজি চি এম ভিজিলেন্সে অস্তিত্ব নথকা দুটা ৰাস্তা কাগজে পত্ৰই নিৰ্মাণ হোৱা বুলি দেখুৱাৰ অভিযোগ সন্দৰ্ভত চূণচালি আৰু ডিমৰীয়াৰ দুগৰাকী মহিলাৰ সাক্ষ্য গ্ৰহণ কৰে ৷
উল্লেখ্য যে, অভিযোগ অনুসৰি কাম নকৰাকৈ সাংসদ পুঁজিৰ ধন উলিয়াই নিছিল দুর্নীতিগ্ৰস্ত ঠিকাদাৰে ৷ আনকি অস্তিত্বহীন পথৰ নামতো ধন মোকলাই দিছিল উপায়ুক্ত কাৰ্যালয়ৰ এ চি এছ বিষয়াই ৷ বিশেষকৈ কামৰূপ আৰু বৰপেটা জিলাত সংঘটিত হৈছিল এই দুর্নীতি ৷ ফেব্ৰুৱাৰী মাহত অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী পোহৰলৈ আহিছিল ৷ ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্ত ৷
সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ গোচৰত চি এম ভিজিলেঞ্চৰ জেৰাৰ সন্মুখীন হ’ব লাগিব সাংসদ অজিত কুমাৰ ভূঞা ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ অজিত কুমাৰ ভূঞাই কয় যে, সাংসদ পুঁজিৰ অপব্যৱহাৰত সাংসদ জড়িত নাথাকে ৷ তেওঁ কয়, ‘‘এয়া আমাৰ মুখ বন্ধ কৰাৰ অপচেষ্টা, মই কেৰেপ নকৰোঁ ৷’’ তেওঁ লগতে কয় যে, তেওঁ এতিয়ালৈকে চমন পোৱা নাই, পালে যাব ৷ ভাৰতবৰ্ষত এতিয়া লেতেৰা ৰাজনীতি চলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বহু পূৰ্বৰে পৰাই এনে বহু ভাবুকি পাই আহিছো, টাডা গোচৰত গ্ৰেপ্তাৰো হৈছো, এইবোৰ ভয় নাখাওঁ (Ajit Bhuyan on MP fund scam) ৷
মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে যদি উপায়ুক্তগৰাকীক জেৰা কৰক বুলি অজিত কুমাৰ ভূঞাই কয় ৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি সুৰক্ষিত নহয় বাবে পদত্যাগৰ জোৱাৰ উঠিছে কাৰ্বি পাহাৰত বুলিও তেওঁ মন্তব্য কৰে ৷
লগতে পঢ়ক:Karnataka assembly election: জিন্না থকা হ’লেও বজৰং দলক নিষিদ্ধ কৰাৰ সাহস নকৰিলেহেঁতেন; ড৹ শৰ্মা