অসম

assam

ETV Bharat / state

অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত স্থগিতাদেশ ন্যায়ালয়ৰ

অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত স্থগিতাদেশ জাৰি কৰিলে গুৱাহাটী চেচন ন্যায়ালয়ে ৷ 26 চেপ্তেম্বৰৰ পৰা 19 নৱেম্বৰলৈ অগপৰ কাৰ্যালয়ত সাধাৰণ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা আছিল ৷

AGP central meeting has been put on hold by Guwahati session court
অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন স্থগিতাদেশৰ নিৰ্দেশ ন্যায়ালয়ৰ

By

Published : Aug 26, 2020, 10:52 PM IST

Updated : Aug 26, 2020, 10:57 PM IST

গুৱাহাটী, 26 আগষ্টঃঅসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত স্থগিতাদেশ জাৰি কৰিলে গুৱাহাটী চেচন ন্যায়ালয়ে ৷ 26 চেপ্তেম্বৰৰ পৰা 19 নৱেম্বৰলৈ অগপৰ কাৰ্যালয়ত সাধাৰণ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বুধবাৰে মহানগৰৰ চেচন আদালতে জাৰি কৰে স্থগিতাদেশ ৷

অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন স্থগিতাদেশৰ নিৰ্দেশ ন্যায়ালয়ৰ

উল্লেখ্য যে, দলৰ সংবিধান অবমাননা কৰি অধিৱেশন অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছিল দলটোৰ নেতৃত্বৰ বিৰুদ্ধে ৷ আৰু ইয়াৰ পিছতেই গিৰীণ তালুকদাৰ, জীতেন ডেকা আৰু হেমেন লহকৰে স্থগিতাদেশ আৰোপ কৰাৰ বাবে আবেদন জনাইছিল আদালতত ৷ এই আবেদনৰ ভিত্তিতেই ন্যায়ালয়ে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায় ৷

অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন স্থগিতাদেশৰ নিৰ্দেশ ন্যায়ালয়ৰ

আনহাতে, অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশনত আদালতে স্থগিতাদেশ দিয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক সত্যব্ৰত কলিতাই ৷ বিধায়কগৰাকীয়ে কয় যে, আমাৰ অধিবেশন ইতিমধ্যে আৰম্ভ হৈছে, কাইলৈ সন্ধিয়া এই অধিবেশন সমাপ্ত হ’ব ৷ অধিৱেশন স্থগিত ৰখাৰ বাবে আদালতৰ নিৰ্দেশ লাভ নকৰা বুলি জনায় বিধায়কগৰাকীয়ে ৷

অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন স্থগিতাদেশৰ নিৰ্দেশ ন্যায়ালয়ৰ

লগতে পঢ়ক-বিভিন্ন দাবীৰে ৰাজ্যজুৰি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Last Updated : Aug 26, 2020, 10:57 PM IST

ABOUT THE AUTHOR

...view details