সোণোৱালে অসমীয়া জাতিক বিশ্বাস নকৰে:অদিপ কুমাৰ ফুকন - অসম জাতীয় পৰিষদ
শনিবাৰে অসম জাতীয় পৰিষদত অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদিপ কুমাৰ ফুকনে যোগদান কৰাৰ পাছতেই ফুকনক জাতীয় পৰিষদৰ সমন্বয়ক হিচাবে নিযুক্তি দিয়ে অসম জাতীয় পৰিষদৰ আহ্বায়ক মণ্ডলিয়ে। এই প্ৰসংগত আহ্বায়ক ডঃ বসন্ত ডেকাৰ মন্তব্য-"এতিয়াৰে পৰা অসম জাতীয় পৰিষদৰ সমন্বয়ক দুজন। এজন জগদীশ ভূঞা আৰু আনজন অদিপ কুমাৰ ফুকন। দুয়োজনেই জাতীয় পৰিষদৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে কাম কৰিব।"
গুৱাহাটী, 26 ছেপ্তেম্বৰঃ সৰ্বানন্দ সোণোৱাল জাতিক বিশ্বাস নকৰা মানুহ। সোণোৱালে অসমীয়া মানুহকে বিশ্বাস নকৰে। কেন্দ্ৰৰ বিজেপি চৰকাৰ এতিয়া কেন্দ্ৰীয় সমস্যা আৰু ৰাজ্যৰ বিজেপি চৰকাৰখন এতিয়া অসমৰ ৰাজ্যিক সমস্যা। আমি বৰাক-ব্ৰহ্মপুত্ৰৰ নাম লৈ ৰাজনীতি নকৰো। বৃহত্তৰ অসমীয়া জাতিটোৰ স্বাৰ্থতহে আমি নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'ম। এই মন্তব্য অদিপ কুমাৰ ফুকনৰ।
শনিবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগ দিলে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনৰ লগতে মঞ্চৰ ২২জন সদস্যই। জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ড: বসন্ত ডেকা আৰু সমন্বয়ক জগদীশ ভূঞাৰ উপস্থিতিত সংগ্ৰামী মঞ্চৰ অদিপ ফুকন সহ ২২ গৰাকী সদস্যই যোগদান কৰাৰ লগতে AJPৰ সদস্য পদ গ্ৰহন কৰে অসম গণ পৰিষদৰ প্ৰাক্তন সম্পাদক অচ্যুত শইকীয়াইয়ো।
শনিবাৰে অসম জাতীয় পৰিষদত যোগদান কৰিয়েই SI কেলেংকাৰী সন্দৰ্ভত সৰব হ'ল অদিপ ফুকন। অদিপ ফুকনৰ মন্তব্য-" আচলতে সৰ্বানন্দ সোণোৱালে।অসমীয়া মানুহক বিশ্বাস নকৰে। অসমীয়া মানুহক বিশ্বাস কৰা হ'লে সোণোৱালে অসমৰে কাৰোবাক পৰীক্ষা পাতিবলৈ দায়িত্ব দিলে হয়। সকলো বিষয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে বাহিৰৰ মানুহ অনাতো দুৰ্ভাগ্য জনক কথা।"