অসম

assam

By

Published : Oct 11, 2020, 9:01 AM IST

ETV Bharat / state

শনিবাৰে শুভমুক্তি দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"

চাৰিটা গীত সন্নিবিষ্ট দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"য়ে শ্ৰোতাৰ মন জয় কৰিব বুলি আশাবাদী এলবামটিৰ আটাইকেইটি গীতৰ কথা আৰু সংগীত ব্যৱস্থাপক ২১ বছৰীয়া দৰ্শন শইকীয়া ৷

abag album release  at guwahati
শনিবাৰে মুকলি কৰা হয় দৰ্শন শইকীয়াৰ এলবাম "আবেগ"

গুৱাহাটী,11অক্টোবৰঃ শনিবাৰে মহানগৰীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত শুভমুক্তি ‘আবেগ’ নামৰ এটি আধুনিক গীতৰ এলবাম ৷ এলবামটি আনুষ্ঠানিকভাৱে মুকলি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ৷ এলবামটিৰ আটাইকেইটি গীতৰ কথা আৰু সংগীত ব্যৱস্থাপনা কৰিছে ২১ বছৰীয়া দৰ্শন শইকীয়াই ৷

এলবামটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, তৰালি শৰ্মা, দিগন্ত ভাৰতী আৰু জুবলিয়ে ৷ চাৰিটা গীত সন্নিবিষ্ট দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"য়ে শ্ৰোতাৰ মন জয় কৰিব বুলি আশাবাদী এলবামটিৰ আটাইকেইটি গীতৰ কথা আৰু সংগীত ব্যৱস্থাপক ২১ বছৰীয়া দৰ্শন শইকীয়া ৷

এলবামটি মুকলি কৰি জুবিন গাৰ্গে ক’লে, দৰ্শনে ভাল গীত লিখিছে ৷ লগতে ২১ বছৰীয়া দৰ্শন শইকীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰি আগলৈও একেলগে কাম কৰি যোৱাৰ কথা কলে জনপ্ৰিয় কন্ঠশিল্পী জুৱিন গাৰ্গে ৷

লগতে পঢ়কঃ আৰক্ষীৰ নিযুক্তিকৰণ প্ৰক্ৰিয়াত ডিজিটেল পদ্ধতিৰ প্ৰয়োগ

ABOUT THE AUTHOR

...view details