অসম

assam

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:58 PM IST

Updated : Aug 22, 2023, 8:22 PM IST

ETV Bharat / state

Bangladeshis deported from Assam: ১০ বছৰত মাত্ৰ ৯ জন অনুপ্ৰৱেশকাৰী বাংলাদেশী বিতাড়িত

অনুপ্ৰৱেশকাৰী বাংলাদেশী বিতাড়নত ব্যৰ্থ বিজেপি চৰকাৰ ৷ বিজেপিৰ নেতাসকলে সভা-সমিতিত বিগত দহ বছৰত ৪০০ তকৈ অধিক বালাংদেশী নাগৰিকক বিতাড়ন কৰাৰ কথা ক’লেও প্ৰকৃততে এই সময়চোৱাত অসমৰ পৰা বিতাড়ন কৰা হৈছে মাত্ৰ নজন অবৈধ বাংলাদেশী ৷ অসম আৰক্ষীৰ সীমান্ত শাখাৰ তথ্যত প্ৰকাশ এই কথা ৷

Bangladeshis deported from Assam
১০ বছৰত মাত্ৰ ৯ জন অনুপ্ৰৱেশকাৰী বাংলাদেশী বিতাড়িত

গুৱাহাটী, ২২ আগষ্ট:বিগত দহ বছৰত অসমৰ পৰা মাত্ৰ নজন অনুপ্ৰৱেশকাৰী বাংলাদেশী বিতাড়ন কৰা হৈছে । এই তথ্য অসম আৰক্ষীৰ সীমান্ত শাখাৰ । অসমত অনুপ্ৰৱেশকাৰী বাংলাদেশী সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও গুৰুত্ব দিয়া নাই । ২০১৩ চনত অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আহি নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা বাংলাদেশী বিতাড়ন কৰাৰ কথা বীৰদৰ্পে ঘোষণা কৰিছিল । কিন্তু বিজেপি চৰকাৰৰ যোৱা দহবছৰীয়া শাসনকালত অবৈধভাৱে অসমত প্ৰৱেশ কৰা বালাংদেশী নাগৰিক বিতাড়নৰ ক্ষেত্ৰত সমূলি ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ।

‘বিদেশীমুক্ত অসম'ৰ শ্ল'গান দিয়া বিজেপি চৰকাৰৰ আমোলত বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰা অনুপ্ৰৱেশকাৰী বাংলাদেশীসকলক বহিষ্কাৰ কৰাৰ বিষয়টো স্পষ্টতঃ গুৰুত্বহীন হৈ ৰৈছে । অসম আৰক্ষীৰ সীমান্ত শাখাৰ তথ্য মতে, বিগত দহ বছৰত অসমৰ পৰা মাত্র নজন অনুপ্ৰৱেশকাৰী বাংলাদেশীক বিতাড়ন কৰা হৈছে । কিন্তু বিজেপিৰ নেতাসকলে সভা-সমিতিত যোৱা দহ বছৰত ৪০০ তকৈ অধিক বালাংদেশী নাগৰিকক বিতাড়ন কৰাৰ কথা কৈ থকা দেখা যায় ।

আচলতে যোৱা দহ বছৰত বিতাড়ন কৰা ৪০০ তকৈ অধিক বালাংদেশী নাগৰিক ভিছালৈ বৈধভাৱে প্ৰৱেশ কৰা বালাংদেশী নাগৰিক আছিল । এসময়ত বৈধভাৱে প্ৰৱেশ কৰি ভিছাৰ ম্যাদ উকলি যোৱাৰ পাচতো দেশলৈ উভতি নোযোৱা এইসকল বাংলাদেশী নাগৰিক আছিল । এনেদৰে অবৈধভাৱে অসমত থাকি ধৰা পৰা ৪০৫জন বাংলাদেশীক বিগত দহ বছৰত বিতাড়ন কৰা হৈছে । তেওঁলোকৰ ৩৭৫জন মুছলমান হোৱাৰ বিপৰীতে ৩০জন হিন্দু ।

উল্লেখ্য যে ২০১৩ চনত সম্পাদিত ভাৰত-বাংলাদেশ দ্বিপাক্ষিক চুক্তি অনুসৰি ঘোষিত বাংলাদেশীক ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত আনুষ্ঠানিক পদ্ধতি গ্রহণ কৰা হৈছে । সেইমর্মে বিদেশী ন্যায়াধিকৰণে অনুপ্ৰৱেশকাৰী বুলি ৰায় দিয়া বাংলাদেশী লোকৰ বাংলাদেশত থকা ঠিকনাসহ বিতং তথ্য বাংলাদেশ চৰকাৰক দাখিল কৰিব লাগে । বাংলাদেশ চৰকাৰে সেই ঠিকনা পৰীক্ষা কৰি সংশ্লিষ্ট লোকজন প্ৰকৃততে বাংলাদেশৰ নাগৰিক হয় নে নহয় নিশ্চিত কৰে । তাৰ পাছতহে বাংলাদেশীজনক বহিষ্কাৰৰ কথা আহে ।

সীমান্ত আৰক্ষীৰ এটা সূত্রই কয় যে এইটো এটা জটিল প্রক্রিয়া । সাধাৰণতে এই অনুপ্ৰৱেশকাৰীসকলৰ হাতত বাংলাদেশৰ কোনো নথি নাথাকে । তেওঁলোকে বাংলাদেশৰ বুলি কৈ কর্তৃপক্ষক যি ঠিকনা দিয়ে, সেইটোকে বাংলাদেশ চৰকাৰলৈ প্ৰেৰণ কৰা হয় । এনে ঠিকনাবোৰ সততে ভুৱা হয় । উল্লেখ্য যে, এই চুক্তিৰ আগতে সীমান্তৰে ঘোষিত বিদেশীক (বাংলাদেশী) বাংলাদেশলৈ পঠিয়াই দিয়া হৈছিল । কিন্তু এতিয়া সংশ্লিষ্ট লোকজনক বাংলাদেশ চৰকাৰে সেই দেশৰ নাগৰিক বুলি স্বীকাৰ নকৰা পর্যন্ত ওভতাই পঠিয়াব বা বিতাড়ন কৰিব পৰা নাযায় । যাৰ পৰিণতি বিগত দহ বছৰত মাত্ৰ নজনক বিতাড়ন কৰিব পৰা হৈছে । তথ্য অনুসৰি তেওঁলোকৰ ছয়জন মুছলমান আৰু তিনিজন হিন্দু ।

লক্ষ্যণীয় যে, ২০১৩ চনৰ চুক্তিৰ গইনা লৈ অনাহক বিলম্বিত হোৱা ঘোষিত বাংলাদেশীৰ বিতাড়নৰ বিষয়টো সুবিধাজনক কৰি তোলাৰ বাবে দিল্লী আৰু দিছপুৰ, দুয়োখন চৰকাৰেই বিশেষ উদ্যোগ লোৱাৰ তথ্য নাই । শ শ ঘোষিত বিদেশীক ডিটেনচন কেম্পত বন্দী কৰি ৰাখিবলগীয়া হৈছে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত বন্দী হিচাপে নিৰ্দিষ্ট সময় পাৰ কৰা সকলক মোকলাই দিয়া হৈছে । তেওঁলোকে এতিয়া অসমতে মুকলিভাৱেই নির্বিঘ্নে বসবাস কৰি আছে ।

লগতে পঢ়ক:২০১৮ চনৰ পৰা ৫৭৭ গৰাকী অনুপ্ৰৱেশকাৰীক বাংলাদেশক হস্তান্তৰ

Last Updated : Aug 22, 2023, 8:22 PM IST

ABOUT THE AUTHOR

...view details