অসম

assam

ETV Bharat / state

CAA আন্দোলনঃ উত্তৰ-পূৱ ৰে'লৱেৰ 10 কোটি টকাৰ সম্পত্তি ক্ষতি

দুষ্কৃতিকাৰীৰ তথ্য সংগ্ৰহ কৰি তেওঁৰ পৰা টকা আদায় কৰাৰ ব্যৱস্থা কৰিছে বিভাগটোৱে । ৰে'লৱে বোৰ্ডৰ নিৰ্দেশ অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে নামি পৰিছে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা ব্যক্তিৰ সন্ধানত ।

By

Published : Dec 31, 2019, 9:08 PM IST

উত্তৰ-পূৱ ৰে'লৱেৰ 10 কোটি টকাৰ সম্পত্তি ক্ষতি
উত্তৰ-পূৱ ৰে'লৱেৰ 10 কোটি টকাৰ সম্পত্তি ক্ষতি

গুৱাহাটী, 30 ডিচেম্বৰ:CAA বিৰোধী গণতান্ত্ৰিক আন্দোলনক বিপথে পৰিচালিত কৰাৰ ন্যস্তস্বাৰ্থত জড়িত একাংশ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰশাসন । আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা পক্ষৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছে কেন্দ্ৰ-ৰাজ্য চৰকাৰে ৷ শেহতীয়াকৈ ৰে'ল মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, CAA বিৰোধী গণতান্ত্ৰিক আন্দোলনৰ বিপৰীতে গৈ ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে উত্তৰ পূৱ ৰে'লৱেৰ ।

ৰে'ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি দুষ্কৃতিকাৰীৰ ধ্বংসলীলাৰ ফলত সমগ্ৰ দেশতে ৮০ কোটি টকাৰ সম্পত্তি বিনষ্ট হোৱাৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ এলেকাত নষ্ট হৈছে প্ৰায় ১০ কোটি টকাৰ সা-সম্পত্তি । ইয়াৰে প্ৰায় ৫ কোটি টকাৰ সামগ্ৰী ক্ষতি হৈছে অসমত । সেয়ে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰে'ল বিভাগে ।

উত্তৰ-পূৱ ৰে'লৱেৰ 10 কোটি টকাৰ সম্পত্তি ক্ষতি

উল্লেখ্য যে, দুষ্কৃতিকাৰীৰ তথ্য সংগ্ৰহ কৰি তেওঁৰ পৰা টকা আদায় কৰাৰ ব্যৱস্থা কৰিছে বিভাগটোৱে । ৰে'লৱে বোৰ্ডৰ নিৰ্দেশ অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে নামি পৰিছে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা ব্যক্তিৰ সন্ধানত । চিচি টিভি কেমেৰা থকা ষ্টেচনত সমূহৰ পৰা দৃশ্য সংগ্ৰহ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আগবাঢ়িছে বুলি সাংবাদিকক জনায় উত্তৰ-পূৱ সীমান্ত ৰে'লৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে ।

লগতে পঢ়ক: 1000 গৰাকী নতুন লেখক-লেখিকালৈ 50 হাজাৰ এককালীন সাহায্য ৰাজ্য চৰকাৰৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details