অসম

assam

ETV Bharat / state

7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

7 PM TOP NEWS
7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

By

Published : Jul 24, 2020, 7:00 PM IST

ৰঙা চীনক ৰুধিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ কিয় ?

প্ৰণিধানযোগ্য যে চীনৰ সৈতে হ'ব পৰা যিকোনো সামৰিক অনিশ্চয়তাক প্ৰতিহত কৰিবলৈ ইতিমধ্যে ভাৰত চৰকাৰে সীমান্তৰ যোগাযোগ আন্তঃগাঁঠনিৰ নিৰ্মাণৰ বাবে Special Accelerated Road Development Programme ( SARDP) আঁচনিৰ দ্বাৰা অৰুণাচলৰ চীন সীমান্ত,ম্যানমাৰ স্পৰ্শ কৰি থকা মিজোৰাম,মণিপুৰ আৰু নগালেণ্ডৰ সীমান্তত 6500 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম আগবঢ়াই আনিছে ।

কদৰ্যময় পৰিৱেশতে দিন পাৰ কৰিছে বৰপেটাৰ একাংশ বন্যাৰ্তই

জনীয়া সমষ্টিৰ বলাই পথাৰ গাঁৱতো ১৩৮৪ নং বলাইপথাৰ দ্বিতীয় খণ্ড প্ৰাথমিক বিদ্যালয়ত 34 টা পৰিয়ালৰ প্ৰায় 130 জন লোকে 50 টা শিশুৰে সৈতে এক কদৰ্যময় পৰিৱেশত বাস কৰি আছে ৷ এই শিবিৰ সমূহৰো নাম নাই চৰকাৰী শিবিৰৰ তালিকাত ৷

টীয়কত বানক্ৰান্তক সহায়ৰ বাবে 10 বিঘা মাটিত ধান খেতি বিজেপিৰ

বানাক্ৰান্ত সকলক সহায় কৰাৰ উদ্দেশ্যে শুকুৰবাৰে যোৰহাট জিলা বিজেপিৰ উদ্যোগত তথা জিলা কৃষি বিভাগ আৰু ৰাইজৰ সহযোগত টীয়কৰ ৰজাবাৰী অঞ্চলত প্ৰায় ১০ বিঘা মাটিত ধানৰ বীজ সিঁচা হয় ৷ জিলা সভাপতি কামাখ্যা মোহন দাসৰ লগতে জিলা তথা মণ্ডল পৰ্যায়ৰ কেইবাজনো দলীয় বিষয়ববীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে সিঁচা হয় আৰু এই বীজৰ কঠিয়াই অনাগত দিনত বানাক্ৰান্ত কৃষক সকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ।

বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন সংখ্যালঘু ছাত্ৰ সন্থাৰ

শুকুৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে বঙাইগাঁও জিলাৰ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷ আই নদীৰ বাঢ়নী পানী আৰু জাৰাগুৰি-জামদহাৰ মাজৰে ওলাই অহা এটা সুতিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰাৰ পিছত ভাণ্ডাৰা হাইস্কুল,মাদ্ৰাছাত আশ্ৰয় লৈ থকা বন্যাৰ্তৰ খবৰ লয় সভাপতি গৰাকীয়ে ৷

স্বৰ্ণ পদকলৈ উন্নীতঃ উৎফুল্লিত হিমাৰ পৰিয়াল

২০১৮ চনৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত 4x400 মিশ্ৰিত ৰীলেত ৰূপৰ পদক পাইছিল ভাৰতীয় দলটোৱে ৷ আনহাতে বাহৰেইন দলটোৱে পাইছিল স্বৰ্ণপদক ৷ কিন্তু দলটোৰ এগৰাকী সদস্য ড’পিং টেষ্টত ব্যৰ্থ হোৱাত স্বৰ্ণ পদকলৈ উন্নীত হয় হিমাৰ দল ৷

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰিন্স উইলিয়ামছ আৰু পত্নীয়ে

সমগ্ৰ অসমৰ লগতে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 85% অঞ্চল বানৰ কবলত। বৰ্তমানেও ৰাষ্ট্ৰীয় উদ্যানখনৰ 153 টা বন শিবিৰ জলমগ্ন হৈ আছে । অসমৰ বানৰ ফলত বৰ্তমানলৈকে 93 গৰাকী লোকৰ মৃত্যু হৈছে ৷

এম্বুলেঞ্চ চালকৰ ৰূপত বকোৰ বিধায়িকা

শুকুৰবাৰে এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসক ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজত বকো সমষ্টিৰ কংগ্ৰছী বিধায়িকা নন্দিতা দাসে ৰোগীৰ সহায়ৰ বাবে বকো প্ৰাথমিক চিকিৎসালয়ক প্ৰদান কৰে প্ৰায় 16 লাখ টকা মূল্যৰ এখন অত্যাধুনিক এম্বুলেঞ্চ ৷ উল্লেখ্য যে,বকো আগছিয়াস্থিত বিধায়িকাৰ বাসগৃহৰ পৰা এম্বুলেঞ্চখন নিজে চলাই আনি চিকিৎসালয় কৰ্তৃপক্ষৰ হাতত আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে নন্দিতা দাসে ৷

মৰিগাঁৱত বানাক্ৰান্তলৈ সাহাৰ্য বিতৰণত সহযোগিতা ক'ভিড যুদ্ধাৰ

ক'ভিড যুদ্ধৰ সন্মুখ সেনানী এজন যোদ্ধাই এদল শিক্ষিত যুৱক-যুৱতীৰ সহায়ত বানাক্ৰান্তলৈ আগবঢ়াইছে সাহাৰ্য। মৰিগাঁৱৰ এইসকল শিক্ষিত যুৱক-যুৱতীক সহযোগিতা আগবঢ়োৱা ব্যক্তিজন হৈছে মৰিগাঁৱৰ সন্তান তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনচিক মেডিচিন বিভাগৰ প্ৰদৰ্শক প্ৰবক্তা ডাঃ কুমাৰ পিংকু প্ৰতীম । মৰিগাঁও সাংস্কৃতিক উন্নয়ন মঞ্চ তথা মা নীলেশ্বৰী ষ্টুডিঅ' আৰু পৰিচয় নামৰ সংস্থাটোৰ মানৱ দৰদী যুৱক-যুৱতীৰ সহায়ত এই সাহাৰ্য আগবঢ়াই কুমাৰ পিংকু প্ৰতীমে ৷

আৰক্ষীয়ে ঘুচিয়াই দাঁত ভাঙিলে গাঁও বুঢ়াৰ

মাজুলী আৰক্ষীয়ে অমানৱীয় কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এজন গাঁওবুঢ়াক উপৰ্যুপুৰি প্ৰহাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ ঘোচাত দুটাকৈ দাঁত ভাঙি চিকিৎসাধীন হ’ব লগীয়া হৈছে গাঁওবুঢ়াজন ৷ মাজুলীৰ মালাপিন্ধাৰ ভদ্ৰকান্ত দ’লে নামৰ লাট গাঁওবুঢ়া জনক মাস্ক নিপিন্ধাৰ বাবেই আৰক্ষীয়ে এইদৰে প্ৰহাৰ কৰা বুলি প্ৰকাশ কৰিছে পত্যক্ষদৰ্শীয়ে ৷ বান পৰিস্থিতি সম্পৰ্কে খবৰ ল'বলৈ যোৱাৰ সময়তে মাস্ক পৰিধান নকৰাৰ বাবে আৰক্ষীৰ ভুকু-ঘোচাত চিকিৎসাধীন হ’ব লগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

জনীয়াত দৰিদ্ৰ পৰিয়ালক সহায় এগৰাকী যুৱ নেতাৰ

জনীয়া সমষ্টিৰ দাৱনদিয়া গাঁৱৰ অতিকে দৰিদ্ৰ এটি পৰিয়াল । ঘৰৰ মূল ব্যক্তিজনৰ মৃত্যুৰ পাছত দৰিদ্ৰতাই একেবাৰে জুৰুলা কৰি পেলাইছিল পৰিয়ালটোক । জৰাজীৰ্ণ এটা জুপুৰিত থাকিয়েই দিন অতিবাহিত কৰি আহিছিল এই পৰিয়ালটোয়ে । শুকুৰবাৰে পৰিয়ালটোক টিনপাট যোগানৰ লগতে আৰ্থিক সহায় আগবঢ়াই এজন যুৱ নেতাই দাঙি ধৰিলে মানৱতাৰ এক নিদৰ্শন ।

লগতে পঢ়ক : 5 বজাৰ শীৰ্ষ দহটা খবৰ

ABOUT THE AUTHOR

...view details