অসম

assam

ETV Bharat / state

50th Anniversary of Media Movement: মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে আছুৰ বিশেষ অনুষ্ঠান

বৃহস্পতিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে অনুষ্ঠিত বিশেষ অনুষ্ঠান অনুস্থিত হয় (50th Anniversary of Media Movement) ৷ অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট অতিথি অধ্যাপক অৱনী কুমাৰ ভাগৱতী, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত থাকে ৷

By

Published : Nov 3, 2022, 10:25 PM IST

Updated : Nov 3, 2022, 10:41 PM IST

50th Anniversary of media movement celebration in Guwahati
মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে আছুৰ বিশেষ অনুষ্ঠান

গুৱাহাটী, 3 নৱেম্বৰ: ৰাজ্যৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বোৰত মাধ্যমৰ ওপৰত হাত নিদিবলৈ ৰাজ্য চৰকাৰক পুনৰ সকীয়াই দিয়ে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Samujjal Kumar Bhattacharya ) ।

বৃহস্পতিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে অনুষ্ঠিত বিশেষ অনুষ্ঠানত ভাষণ দি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰক এনেদৰে সকীয়াই দি কয় যে চৰকাৰে ৰাজ্যৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বোৰত মাধ্যমৰ ওপৰত হাত নিদি বিদ্যালয়বোৰৰ আন্তঃগাথঁনি উন্নত কৰক। বিদ্যালয়বোৰত ইংৰাজী ভাষাটো ভালদৰে শিকোৱাৰ ব্যৱস্থা কৰক।

লগতে, বিদ্যালয়ত ভাল ইংৰাজী শিক্ষক নিযুক্তি দিয়ক । শ্ৰেণী কোঠাবোৰ উন্নত কৰক । তাৰ পৰিৱৰ্তে চৰকাৰে বিদ্যালয়বোৰত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যম কৰাটো হঠকাৰী পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে ।

উল্লেখ্য যে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে (50th Anniversary of Media Movement) অনুষ্ঠিত বিশেষ অনুষ্ঠানত মাধ্যম আন্দোলনৰ শ্বহীদ মোজাম্মিল হক, অনিল বৰা, প্ৰমোদ বৰা, বলীন ৰাজখোৱা, নৰেন্দ্ৰ নাথ মহন্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । লগতে আমন্ত্ৰিত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ৫০ গৰাকী ব্যক্তিৰ জৰিয়তে ৫০ গছি বন্তি প্ৰজ্বলন কৰা হয় ।

আছুৰ উপসভাপতি বিপুল ৰাভাই আঁত ধৰা অনুষ্ঠানত ভাষণ দি আছুৰ মুখ্য উপদেষ্টা ড৹ সম্মুজ্বল কুমাৰ ভট্টাচাৰ্যই লগতে কয় যে ৩৭ বছৰ আমাৰ আইৰ ভাষা নোহোৱা হৈ গৈছিল । ইয়াণ্ডাবু সন্ধিৰ (Treaty of Yandabo) পিছত এচামৰ ষড়যন্ত্ৰৰ পিছত আইৰ মুখৰ ভাষা নোহোৱা হৈ পৰিছিল।

মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে আছুৰ বিশেষ অনুষ্ঠান

ইয়াৰ লগতে তেওঁ কয়, পিছত ত্ৰিমূৰ্তি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (Rasaraj Lakshminath Bezbarua) , চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত অসমীয়া পুনৰ উজলি উঠিছিল । পিছত আকৌ ১৯৬০ চনত অসমীয়া ভাষা ৰাজ্য ভাষা কৰাৰ দাবীত মাধ্যম আন্দোলন হ'ল । অসমীয়া ভাষা ৰাজ্য ভাষা হ'ল । আকৌ শোধানাগাৰ আন্দোলন হ'ল । তাৰ পিছত অস্তিত্ব ৰক্ষাৰ আন্দোলন হ'ল। অসমৰ মানুহে আন্দোলন নকৰাকৈ এতিয়ালৈ একো পোৱা নাই ।

তাৰোপৰি, অধিকাৰ ৰক্ষাৰ বাবে আন্দোলন কৰিব লাগিব বুলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লৈ বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে মাধ্যম আন্দোলনৰ স্বৰ্ণিল যাত্ৰা সম্পৰ্কে চমু ভাষণ আগবঢ়ায়। তেওঁ কয় যে চৰকাৰে ইংৰাজী আৰু হিন্দী ভাষাত বেছি গুৰুত্ব দিয়া দেখা গৈছে । তেওঁ কয়, মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা প্ৰয়োজন। কাৰণ মাতৃভাষা জ্ঞান আহৰণৰ উত্তম উপায়।

অনুষ্ঠানত বিশিষ্ট অতিথি অধ্যাপক অৱনী কুমাৰ ভাগৱতী, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মাধ্যম আন্দোলনৰ বিষয়ে চমু ভাষণ দিয়ে। আছুৰ সভাপতি দীপাংক কুমাৰ নাথ কয় যে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে আজি আছুৰ সকলো জিলা আৰু আঞ্চলিক কমিটিত সন্ধিয়া বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ৫০ গৰাকী ব্যক্তিৰ জৰিয়তে ৫০ গছি বন্তি প্ৰজ্বলন কৰা হয়।

লগতে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে অহা 4 নৱেম্বৰ পৰা 10 নৱেম্বৰলৈ আছুৰ সকলো জিলা আৰু আঞ্চলিক কমিটিত মাতৃভাষা শিক্ষাৰ উত্তম উপায় শীৰ্ষক আলোচনা সভা অনুষ্ঠিত কৰা হ’ব ।

লগতে পঢ়ক:Get well soon Akhil Gogoi: অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

Last Updated : Nov 3, 2022, 10:41 PM IST

ABOUT THE AUTHOR

...view details